বিশ্বনাথৰ পৰা জোনমণি বেগমঃ আজি গৰু বিহু৷ সমগ্ৰ ৰাজ্যত গৰু বিহুক লৈ উখল মাখল পৰিবেশ। তাৰ মাজতে আজিৰ দিনটোতে চাহ জনজাতি লোকসকলে চড়ক পূজা পালন কৰিছে। বিশ্বনাথৰ পাভৈত চাহ জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে চড়ক পূজা। চড়ক পূজা উপলক্ষে একাংশ ভক্তই লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটাই পাভৈ পাঁচআলিৰ মাজেৰে শোভাযাত্ৰা কৰি মৰব থানৰ শিৱ মন্দিৰত উপস্থিত হৈ শিৱ মন্দিৰত পূজা অৰ্চনা কৰে৷ পিছত লোৰ শলা খুলি পৰম্পৰা ৰক্ষা কৰে ভক্তই৷ প্ৰায় এমাহ উপবাসে থকাৰ পিছত পাভৈ নৈৰ যুঁৱলিত লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটোৱা শিহৰণকাৰী দৃশ্য চাবলৈ অঞ্চলটোৰ ৰাইজৰ সমাগম ঘটে৷ পাভৈত এখন মেলাও অনুষ্ঠিত হয়৷ এনেদৰে উপবাসৰ অন্তত লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটাই নতুন বছৰৰ বাবে মংগল কামনা কৰাৰ লগতে বিশ্বশান্তি কামনা কৰে৷