March 22, 2023, 2:28 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী

Reporter Name
  • Update Time : Saturday, July 30, 2022
  • 51 Time View

বিশ্বনাথঃ আজি বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত বিশ্বনাথৰ পানীভৰালত গ্ৰহণ কৰা হ’ল নিষিদ্ধ গাঞ্জা দাহন কাৰ্যসূচী। এই কাৰ্যসূচীৰ দ্বাৰা বিগত সময়ত বিশ্বনাথ জিলা আৰক্ষীয়ে অভিযান চলাই জব্দকৃত গাঞ্জাসমূহ আজি দাহন কৰা হয়। বিশ্বনাথ জিলা আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিনৰ দিনাই ইতিমধ্যে অবৈধ ব্ৰাউন ছুগাৰ,গাঞ্জা, নিচাজাতীয় টেবলেট, হেৰ’ইনসহ আন নিচা জাতীয় সামগ্ৰী বিশ্বনাথৰ এই পানীভৰালতে দাহ কৰিছিল। বিশ্বনাথ জিলা আৰক্ষীয়ে বিগত সময়ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই জব্দ কৰা সেই নিচা জাতীয় সামগ্ৰীসমূহৰ মূল্য আছিল প্ৰায় ডেৰ কোটি টকা। কিন্তু আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বানত পুনৰ আজি বিশ্বনাথৰ পানীভৰালত দাহ কৰে জিলাখনৰ পৰা শেহতীয়াকৈ অভিযান চলাই জব্দ কৰা ২০ কেজি ৭০০ গ্ৰাম অবৈধ গাঞ্জা। যাৰ মূল্য পাঁচ লাখ টকাতকৈ অধিক হ’ব। এই দাহন কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবিন সিং, বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ইলিমা কুণ্ডুল লানা, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, জিলা আবকাৰী বিষয়া দীপেন বৰা, স্বাস্থ্য বিষয়া তথা চিকিৎসক নৃপেন শইকীয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজুৱালীসহ বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়াসকল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে