March 28, 2023, 2:10 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিশ্বনাথৰ জিনজিয়াৰ কোৱাৰাণ্টাইন চেণ্টাৰত চলিছে ঢোল, তাল, খোল, বাঁহী লৈ সংগীতৰ সাধনা

Reporter Name
  • Update Time : Thursday, June 18, 2020
  • 161 Time View

বিশ্বনাথঃ ক’ৰোনা মহামাৰীৰ সংহাৰী ৰূপৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নাগৰিকে দীৰ্ঘ সময় ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে৷ লক-ডাউনৰ বাবে আন একাংশ লোকে নিজৰ ঘৰৰ পৰা অইন ঠাইত আৱদ্ধ হৈ থাকিব লগীয়া হৈছিল৷ কিন্তু চৰকাৰে লক-ডাউন শিথিল কৰি দিয়াত বহিঃৰাজ্য তথা বহিঃৰাষ্ট্ৰত আৱদ্ধ লোকসকলে পৰ্যায়ক্ৰমে নিজ ৰাজ্যলৈ উভতি আহিছে৷ নিজ ৰাজ্যলৈ উভতি অহা লোকসকলে প্ৰশাসনে সাজু কৰি ৰখা কোৱাৰাণ্টাইন চেণ্টাৰত ১৪ দিনৰ বাবে কোৱাৰাণ্টাইন হ’বলগীয়াত পৰিছে৷ এই লোকসকলে হঠাতে এক এবাঞ্চিত পৰিবেশত কোৱাৰাণ্টাইন হ’বলগীয়া হোৱাত সমস্যাত পৰিছে যদিও একাংশ লোকে কোৱাৰাণ্টাইন চেণ্টাৰত ৰং-ধেমালি কৰি সময় পাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছে৷ আনহাতে আন একাংশ লোকে কোৱাৰাণ্টাইন চেণ্টাৰত খাদ্যকে ধৰি আন আন সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি তাণ্ডৱ চলোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷

বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা যুৱক-যুৱতীসকলক নিজ নিজ এলেকাৰ স্কুল-কলেজ সমূহত কোৱাৰাণ্টাইনত ৰখা হৈছে। কোৱাৰাণ্টাইন চেণ্টাৰসমূহৰ পৰা বহু খবৰ প্ৰচাৰ হৈ আহিছে যদিও ৰাজ্যৰ এটা কোৱাৰাণ্টাইন চেণ্টাৰত ক’ৰোনা মহামাৰীক প্ৰত্যাহ্বান জনাই নিতৌ সংস্কৃতিৰ আখৰা কৰা পৰিলক্ষিত হৈছে৷ বিশ্বনাথৰ জিনজিয়া মহাবীৰ হাইস্কুলৰ কোৱাৰাণ্টাইন চেণ্টাৰত পুৱা-গধুলি সংগীতৰ চৰ্চা চলিছে৷ যুৱকসকলে হাতত ঢোল, তাল, খোল, বাঁহী লৈ হৰি নাম, বিহুৰ আখৰা চলাই৷

বিশ্বনাথৰ জিনজিয়া মহাবীৰ হাইস্কুলৰ কোৱাৰাণ্টাইন চেণ্টাৰত নিতৌ দেখা পোৱা যায় ব্যতিক্ৰমি সংগীতৰ সাধনা কৰাৰ দৃশ্য৷ কোৱাৰাণ্টাইন চেণ্টাৰ সমূহত খাদ্য যোগাৰ ধৰাৰ নামত তাণ্ডৱ চলোৱাৰ বাতৰি প্ৰকাশ হৈছে যদিও বিশ্বনাথৰ জিনজিয়া মহাবীৰ হাইস্কুলৰ কোৱাৰাণ্টাইন চেণ্টাৰৰ গীত-মাত বাজি উঠা ছবিখনে সকলো কোৱাৰাণ্টাইন হৈ থকা লোকক মনোৰঞ্জন দি ঘৰ খনৰ পৰা আতৰি থকাৰ কথা পাহৰি এপাক নাচিবলৈ, হাত তালি বজাবলৈ ওলাই আহিবলৈ বাধ্য কৰে৷ এয়া সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপ। চেণ্টাৰত থকা প্ৰতিগৰাকী ব্যক্তি হৈ পৰিছে বৰ্তমান একো একোজন সংগীতৰ সাধক। পুৱা গধুলি চেণ্টাৰটোতে ঢোল, খোল, তাল, বাঁহীৰ লগতে হৰি নাম আৰু বিহু নামেৰে মুখৰিত হৈ পৰে। কোৱাৰাণ্টাইন হৈ থকা লোকসকলে আপোনা পাহৰা হৈ কোৱাৰাণ্টাইন চেণ্টাৰত হাঁহি-স্ফূৰ্তিৰে সময় অতিবাহিত কৰিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে