March 28, 2023, 8:41 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিশ্বনাথত জালত পৰিল চোৰাং চিকাৰী হেকমত, মৰাপাটৰ ঠাৰিত লুকুৱাই ৰাখিছিল অস্ত্ৰ-শস্ত্ৰ

Reporter Name
  • Update Time : Thursday, June 18, 2020
  • 147 Time View

বিশ্বনাথঃ ৰাজ্যত দ্ৰুত গতিত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে ৰাজ্যত চোৰাং চিকাৰীয়ে অপকাণ্ড সংঘটিত কৰিবলৈ জাল পেলোৱাৰ কাণ্ড পোহৰলৈ আহিছে৷ এদিন পূৰ্বে জখলাবন্ধাৰ আৰক্ষী আৰু পুব কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে চোৰাং চিকাৰীয়ে গঁড় হত্যাৰ পৰিকল্পনা বিফল কৰাৰ ১২ ঘণ্টাৰ পিছতে পুনৰ চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰিছে৷ যৌথ অভিযানত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ভিন্ন স্থানৰ পৰা ৪জন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতে এইবাৰ বিশ্বনাথৰ বাঘমাৰীত চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে৷

ৰাজ্যত চোৰাং চিকাৰীয়ে দৌৰাত্ম অব্যাহত ৰখাৰ সময়তে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা ৰচনা কৰি থকা এজন চোৰাং চিকাৰীক নিৰাপত্তাৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়৷

বনকৰ্মীৰ তৎপৰতাৰ বাবে গঁড় হত্যাৰ ষড়যন্ত্ৰ বিফল কৰাৰ লগতে চোৰাং চিকাৰীক জালত পেলাই বুধবাৰে৷ এক গোপন সুত্ৰ পম খেদি জিনজিয়া আৰক্ষীয়ে অৰ্ধসামৰপিক বাহিনীৰ সহায়ত চলোৱা যৌথ অভিযানত বাঘমাৰীত এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

জিনজিয়া আৰক্ষীয়ে বিশ্বনাথৰ বাঘমাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা হেকমত আলিৰ পৰা ৩০৩ ৰাইফলৰ মেগজিন, ৫ জাই সজীৱ গুলী, বন্দুকৰ এটা ট্ৰিগাৰ আৰু এডাল চাইলেন্সাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ চোৰাং চিকাৰী হিকমতৰ ঘৰৰ পিছফালে মৰাপাটৰ ঠাৰিৰ দ’মৰ লুকুৱাই ৰাখিছিল অস্ত্ৰ-শস্ত্ৰসমূহ৷ আৰক্ষী আৰু এছ এছ বিৰ যুটীয়া অভিযানত অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰ হয়৷ জিনজিয়া আৰক্ষীয়ে ৭৫/২০ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে