বিশ্বৰ প্ৰায়সমূহ দেশৰ লগতে ভাৰতত ক’ৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত হ্ৰাস পাইছে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ ভাবুকি এতিয়াও শেষ হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ওমাইক্ৰনৰ এটা নতুন এক্স.ই প্ৰকাৰ আহিছে৷ বি.এ-2-তকৈ ১০ গুণ অধিক বিপদজনক। ইয়াৰ অৰ্থ হৈছে যে ই অমাইক্ৰনৰ মূল প্ৰকাৰতকৈ ৪৩ শতাংশ দ্ৰুতগতিত বিয়পিব পাৰে। এক্স.ই ভেৰিয়েণ্টত অমাইক্ৰনৰ দুটা চাব-লাইন বি.এ-১ আৰু বি.এ-২ থাকে। অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থাই কয় যে যেতিয়ালৈকে এই এক্স.ই প্ৰকাৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা নাযায় ইয়াক অমাইক্ৰনৰ এক প্ৰকাৰ হিচাপে দেখা যাব। ওমাইক্ৰনৰ এক্স.ই প্ৰকাৰৰ প্ৰথম ঘটনাটো ১৯ জানুৱাৰীত ইউকেত পোৱা গৈছিল। ১৯ জানুৱাৰীৰ পৰা এক্স.ই প্ৰকাৰৰে ৬০০ লোকক সংক্ৰমণ কৰিছে৷৷ ইয়াৰ উপৰিও, এই প্ৰকাৰৰ সংক্ৰমণ ফ্ৰান্স, ডেনমাৰ্ক আৰু বেলজিয়ামতো পোৱা গৈছে।
ইউ.কেৰ স্বাস্থ্য সুৰক্ষা সংস্থাৰ মতে এক্স.ই প্ৰকাৰ কিমান বিপদজনক বা ভেকছিনে ইয়াৰ ওপৰত কাম কৰিব নে নাই জানিবলৈ এতিয়াও পৰ্যাপ্ত তথ্য নাই।
ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৩৩৫ টা নতুন কৰোনা ৰোগী ধৰা পৰিছে৷ যাৰ ফলত মুঠ ৰোগীৰ সংখ্যা হৈছে ৪ কোটি ৩০ লাখ ২ হাজাৰ হৈছে৷ দেশত সক্ৰিয় ঘটনাৰ সংখ্যা বৰ্তমান ১৩,৬৭৮ জন। যোৱা ২৪ ঘণ্টাত ১৯১৮ জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। একে সময়তে, সংক্ৰমণৰ ফলত ৫২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ সৈতে, দেশত কৰোনাৰ ফলত মৃত্যুৰ সংখ্যা ৫ লাখ ২১ হাজাৰ হৈছে৷