জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰি নিবাসী বিশিষ্ট সমাজকৰ্মী, কবি, সমাজ সংগঠক, ধৰ্মপৰায়ণ ব্যক্তি তথা বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া নন্দেশ্বৰ নাথৰ (নন্দী) আজি পুৱা প্ৰায় চাৰে পাঁচ বজাত দেহাৱসান ঘটে৷ জানিব পৰা মতে, কাহিলী পুৱাতে শ্বাস-প্ৰস্বাসজনিত কাৰণত হঠাতে অসুস্থ হৈ পৰা নাথক পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁৱৰ চিকিৎসালয়লৈ নিছিল যদিও আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নগাঁও সংমণ্ডলৰ গাণনিক বিষয়া হিচাপে অৱসৰ গ্ৰহন কৰা নাথে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি সহকৰ্মীৰ মাজত এক সুকীয়া ইমেজ গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ এগৰাকী কবি হিচাপেও পৰিচয় থকা নাথ অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল৷ অৱসৰ গ্ৰহণৰ পিছৰে পৰা একাত্মভাবে সমাজসেৱাত নিজকে নিয়োজিত কৰা নাথে নগাঁও জিলা যোগী সন্মিলনীৰ উপ সভাপতি, শ্বহীদ মনবৰ নাথ পুথিভড়ালৰ সভাপতি, মধ্য জামুগুৰি বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি, জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ সহকাৰী সম্পাদক, সদৌ অসম কবি সন্মিলনৰ জামুগুৰি শাখা সমিতিৰ সম্পাদক, জামুগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জামুগুৰি বুঢ়া নামঘৰৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ বিষয়-বাব দায়িত্বসহকাৰে পালন কৰাৰ উপৰিও বৃহত্তৰ জামুগুৰি অঞ্চলৰ সকলো সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপোতভাবে জড়িত আছিল৷ তেওঁৰ আকস্মিক বিয়োগৰ বতৰা পাই তেওঁৰ বাসগৃহত বহু গুনমুগ্ধ সমবেত হৈ নশ্বৰদেহত অন্তিম শ্ৰদ্ধা জনোৱাৰ লগতে নশ্বৰদেহ শোভাযাত্ৰা কৰি বৃহত্তৰ জামুগুৰি অঞ্চলৰ মাজেৰে পৰিভ্ৰমন কৰাই৷ সৎ, অমায়িক আৰু সৰু-ডাঙৰ সকলোৰে লগত সদ্ভাৱ বৰ্তাই ৰখা সৰবৰহী ব্যক্তি নাথৰ বিয়োগত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ বিপৰীতে নগাঁও জিলা কবি সন্মিলন, জামুগুৰি সাৰ্বজনীন গৰখীয়া থান, জামুগুৰি বিহু উদযাপন সমিতি, শ্বহীদ মনবৰ নাথ পুথিভড়াল, সাংবাদিক সুৰক্ষা মঞ্চ, জংগম সাংস্কৃতিক গোষ্ঠী, জাজৰি প্ৰেছ ক্লাব, আঞ্চলিক লুইত গোষ্ঠী, বেবেজীয়া প্ৰেছ ক্লাৱ, জামুগুৰি শাখা সাহিত্য সভা, ক্ৰিয়েছন ক্লাৱ, জামুগুৰি চাৰিআলি ব্যৱসায়ী সন্থা, সোনাইপৰীয়া শাখা কবি সন্মিলন, জামুগুৰি শাখা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে৷ তেওঁ মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, জোৱাই, বোৱাৰী, তিনি ভাতৃ, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷