বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া বৰক’লাৰ আদর্শ লালুং গাঁৱৰ নিবাসী বিশিষ্ট সমাজ কর্মী, ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰতাপ বৰদলৈৰ বুধবাৰে নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । বিগত এবছৰ ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসকৰ তত্ত্বাৱধানত ঘৰতে থকা ৭০ বছৰীয়া বৰদলৈ হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
সৎ, অমায়িক ব্যক্তি বৰদলৈয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰাৰ পিছৰে জন্মভূমি আদৰ্শ লালুং গাঁৱৰ লগতে বৰক’লা অঞ্চলৰ সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত একাত্মভাবে নিয়োজিত হৈ সমাজৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিল ৷ বিশেষকৈ বৰক’লাৰ গুৰু শংকৰ নানক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আৰু বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি হিছাপে নিজৰ দায়িত্ব তেওঁ খুুব সুন্দৰভাবে পালন কৰা বৰদলৈয়ে অঞ্চলৰ উন্নয়ন ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্রহণ কৰিছিল । সকলোৰে লগত সদ্ভাৱ বৰ্তাই ৰখা বৰদলৈৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰাৰ সমান্তৰালকৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ, জীয়ৰী আৰু নাতি-নাতিনীসহ অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷