ৰঙিয়াঃ ৰঙিয়াৰ বৈদ্যগড়ৰ বিশিষ্ট শিক্ষাবিদ প্ৰাণেশ্বৰ পাটোৱাৰীৰ শুকুৰবাৰে পুৱা ৪.৩০ বজাত ইহলীলা সম্বৰণ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰে। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৭০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰাণেশ্বৰ পাটোৱাৰীয়ে৷ মৃত্যুৰ আগমুহূৰ্তলৈকে শৈক্ষিক-সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিক্ষাবিদগৰাকী৷ নশ্বৰদেহ কৰ্মস্থলী তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনা হয় আৰু বিদ্যালয় কৰ্তৃপক্ষৰ লগতে, উত্তৰ ৰঙিয়া কনিষ্ঠ মহাবিদ্যালয়, তুলসীবাৰী দুৰ্গাপূজা সমিতি, লাচিত জ্যোতি সংঘ, শংকৰদেৱ শিশু নিকেতন, বজাৰ ব্যৱসায়ী সন্থা, বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, বৈদ্যগড় সমবায় সমিতি, বঙালী যুৱ ফেডাৰেচন, মাহতলী স্মৃতি সংঘ, ঋতিক প্ৰভাত চন্দ্ৰ দাস, দামোদৰ চেত্ৰী, বলেন্দ্ৰ কুমাৰ ডেকাসহ বিভিন্ন ব্যক্তি-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
পঠালিকুছি প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণী কৰা পাটোৱাৰী তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৯২ চনত প্ৰতিষ্ঠা কৰা উচ্চতৰ শাখাত অসমীয়া বিষয় শিক্ষক পদত যোগদান কৰিছিল। উক্ত পদত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰাৰ অন্তত ২০১০ চনত অৱসৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত উত্তৰ ৰঙিয়া কনিষ্ঠ মহাবিদ্যালয় স্থাপন কৰি প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে সুদীৰ্ঘ কাল কাৰ্যনিৰ্বাহ কৰে।
তেও স্থানীয় লাচিত জ্যোতি সংঘই নিবেদন কৰা নাট্যানুষ্ঠাত বলিষ্ঠ অভিনয় কৰাৰ লগতে বিভিন্ন স্মৃতিগ্ৰন্থ আদিৰ বাবে তত্ত্বপূৰ্ণ প্ৰৱন্ধ আদি ৰচনাৰে সাহিত্যৰ ক্ষেত্ৰলৈও বৰঙণি আগবঢ়াই থৈ যায়। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ, তিনিগৰাকী কন্যাসহ ভালে সংখ্যক আত্মীয়-স্বজন ইহ সংসাৰত এৰি থৈ যায়।শিক্ষা-সাহিত্য-সংস্কৃতিৰ এইগৰাকী নিৰৱ সাধকৰ বিয়োগত ৰঙিয়াৰ বিধায়ক মন্ত্ৰী ভৱেশ কলিতা, পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞাই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।