যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱিকা, জোনাকীসংঘ বিদ্যালয়ৰ গুৰিধৰোতা শশীপ্ৰভা বৰগোহাঁয়ে আজি ইহলীলা সম্বৰণ কৰে৷ শৈক্ষিক নগৰী যোৰহাটৰ সৌৰভ বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল শশীপ্ৰভা বৰগোহাঁয়ে৷ জোনাকীসংঘ বিদ্যালয়ৰ গুৰিধৰোতা, শিক্ষাবিদ হিচাপে শিক্ষাৰ পোহাৰ বিলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ তেখেতৰ বিয়োগ অসমৰ সমাজ জীৱনত বৃহৎ ক্ষতি। বিদুষী মহিলাগৰাকীৰ জীৱন আৰু কৰ্মৰাজি এক ইতিহাস হৈ থাকিব৷ যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাকী সংঘৰ প্ৰতিষ্ঠাপক আছিল শশীপ্ৰভা বৰগোহাঁই৷