বৰপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ হাতীঘুলিৰ এজন কৃষক। কৃষকজনৰ নাম লুকু ৰাজবংশী। আজিৰ পৰা প্ৰায় ৪/৫ বছৰৰ আগতে কৃষকজনৰ নিজৰ খেতি ভূমিত থকা তামোল গছত আহি বাহ সাজিছিল কেইটা মান বিলুপ্তপ্ৰায় টোকোৰা চৰাইয়ে।
কৃষক লুকুৱে প্ৰথমে চৰাই বাহকেইটাক বিশেষ গুৰুত্ব নিদিছিল যদিও পিছলৈ ইয়াৰ সংখ্যা বাঢ়ি যোৱাত চৰাই কেইটাৰ ওপৰত যতন ল’বলৈ ধৰে।বৰ্তমান তেঁওৰ কৃষি ভূমিৰ তামোল গছত থকা টোকোৰা চৰাইৰ বাঁহৰ সংখ্যা শতকৰ ওচৰা-ওচৰি।
মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে ভৰা তেঁওৰ বাৰীত থকা এই বিলুপ্তপ্ৰায় চৰাইবোৰৰ ওপৰত দুস্কৃতিকাৰীৰ চকু পৰিছে বুলি তেঁও দুখেৰে প্ৰতিবেদকৰ আগত দুখেৰে জনায়।ইফালে দৰিদ্ৰতাৰ বাবে তেঁও চৰাইবোৰক ইচ্ছা থকা সত্বেও প্ৰয়োজনীয় সংৰক্ষণ দিব পৰা নাই।
সেয়ে কাৰোবাৰ সহায় পালে চৰাই থকা কৃষিভূমিখিনি তাঁৰেৰে বেৰি দিয়াৰ কথাও ভাবিছে। আজিৰ এই যান্ত্ৰিকতাৰ দিনত লুকু ৰাজবংশীৰ দৰে ব্যক্তিয়ে টোকোৰা চৰাইৰ দৰে বিলুপ্তপ্ৰায় চৰাইক সংৰক্ষণৰ দৰে যি মহান কাৰ্য কৰিছে তাৰ বাবে সকলোৱে একেমুখে প্ৰশংসা কৰিছে।