থাওৰাঃ শিৱসাগৰৰ বকতাত ছাগলী চোৰো নিদ্ৰাহৰণ কৰিছে গৃহস্থৰ৷ তাৰ মাজতে আজি ৰাইজে খেদি খেদি চোৰক ধৰি গটালে নেমুগুৰি আৰক্ষীক। মৰাণ বামুনবাৰী হিতেশ কলিতা আৰু ডিব্ৰুগড়ৰ নালিয়াপুলৰ নচিম আলীক ৰাইজে ধৰি আৰক্ষীক গতাই৷ এএছ-০৪-জি-২৫৬৫ নম্বৰৰ বাহনেৰে বকতাৰ শ’লগুৰিত ছাগলী গাড়ীত তুলি উধাও হোৱাৰ প্ৰয়াস কৰিছিল৷ দুৰ্লভ ফুকন নামৰ লোকজনৰ ছাগলী দুজন লোকে দিন দুপৰতে বাহনত তুলি নিয়াত স্থানীয় লোকৰ সন্দেহ উপজে। ৰাইজে পিছে পিছে খেদি বকতা পাটসাঁকো তিনিআলিত দুই চোৰক ধৰি বকতা নেমুগুৰি আৰক্ষীক গতাই দিয়ে৷ বাহনখনৰ ভিতৰত দুটা ছাগলী উদ্ধাৰ হয়। ছাগলীৰ দুৰ্লভ ফুকনৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু৷