বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত আজি ধুবুৰী জিলা ছাত্ৰ মুক্তি উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত চাৰি দফীয়া দাবীৰ সমৰ্থনত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। উক্ত কাৰ্যসূচীত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ অৰ্ধশতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত বিলাসীপাৰাত বিশ্ববিদ্যালয়, বাণিজ্যিক বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন আৰু বিলাসীপাৰা মহকুমাখন জিলালৈ ৰূপান্তৰিত কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰেই আকাশ-বতাহ উত্তাল কৰি তোলে। পাছত বিলাসীপাৰা মহকুমাধিপতিৰ হৈ মহকুমা দণ্ডাধীশৰ জৰিয়তে ধুবুৰী জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ ধুবুৰী জিলা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক নাজিমুল হকৰ সহযোগত ছাত্ৰ মুক্তিৰ ধুবুৰী জিলা সভাপতিদ্বয় দেলোৱাৰ হুছাইন, আক্তাৰ হুছাইন অৰু সাধাৰণ সম্পাদক আশ্ৰাফুল ইছলামে কৰ্মকৰ্তাসকলক লৈ চাৰিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।