উদীয়মান অভিনেতা কিশোৰ দাসক বিমান যোগে উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়ে পৰিয়ালে৷ ৰাজ্যখনৰ হৃদয়বান লোক আৰু চৰকাৰৰ সহযোগত কিশোৰ দাসক মুম্বাইলৈ নিয়া হয়৷ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ মহানগৰীৰ হেলথ চিটিত চিকিৎসাধীন হৈ আছিল কিশোৰ দাস। এমাহ ধৰি হেলথ চিটিত চিকিৎসাধীন হৈ থাকি আজি অভিনেতাজনে মুম্বাইলৈ উৰা মাৰে। পৰিয়ালৰ লোক, সতীৰ্থ, শুভাকাংক্ষীয়ে বৰঝাৰ বিমানবন্দৰলৈ নিয়ে কিশোৰক৷ বিমানবন্দৰতে আলিংগন কৰি মৰম যাচে সহযোগীসকলে। অসমৰ ৰাইজে আৰ্থিকভাৱে সহায় আগবঢ়োৱাত সকলোকে ধন্যবাদ জনায়। সোনকালে সুস্থ হৈ আহি পুনৰ অভিনয় জগতত কাম কৰি সুনাম অৰ্জন কৰাৰ কামনা কৰিছে ৰাইজে৷