ইউক্ৰেইনত নিহত নবীন শেখৰাপ্পা জ্ঞানগৌড়া নামৰ ছাত্ৰজনৰ পৰিয়ালে মৃতদেহ অহাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে কৰ্ণাটকৰ এজন বিজেপি বিধায়কে লজ্জাজনক আৰু বিতৰ্কিত মন্তব্য কৰিছে। বিধায়কজনে কয় যে ‘এটা মৃতদেহে বিমানত অধিক স্থান দখল কৰে’।
কৰ্ণাটকৰ হুবলি-ধাৰৱাদ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক অৰবিন্দ বেলাদে কয় যে বিমানখনত কফিনৰ পৰিৱৰ্তে প্ৰায় আঠৰ পৰা ১০ জন লোকক স্থান দিব পাৰি। নবীনৰ নশ্বৰ দেহ কেতিয়া গৃহচহৰ হাভেৰীলৈ অনা হ’ব বুলি প্ৰশ্ন কৰাত এইঅ উত্তৰ দিছিল বিধায়ক অৰবিন্দ বেলাদে৷
বেলাদে সাংবাদিকক কয় যে চৰকাৰে নবীনৰ মৃতদেহ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই আছে। ইউক্ৰেইন এখন যুদ্ধ ক্ষেত্ৰ আৰু সকলোৱে ইয়াৰ বিষয়ে জানে৷ প্ৰচেষ্টা কৰা হৈছে আৰু যদি সম্ভৱ হয় মৃতদেহটো ঘূৰাই অনা হ’ব।
যেতিয়া জীৱিত লোকসকলক ঘূৰাই অনাটো প্ৰত্যাহ্বানজনক হয়৷ মৃতকক ঘূৰাই অনাটো আৰু অধিক কঠিন হৈ পৰিছে৷ কিয়নো এটা মৃতদেহে বিমানখনত অধিক স্থান দখল কৰিব। ইয়াৰ পৰিৱৰ্তে, বিমানখনত ৮ৰ পৰা ১০ জন লোকক স্থান দিব পাৰি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নবীনৰ মৃতদেহ ঘূৰাই আনিবলৈ সকলো প্ৰচেষ্টা চলাই আছে। নবীনৰ পিতৃ শেখৰাপ্পা জ্ঞানগৌড়াই বুধবাৰে কৈছিল যে চৰকাৰে আশ্বাস দিছিল যে পুত্ৰৰ মৃতদেহ দুদিনৰ ভিতৰত ঘৰলৈ অনা হ’ব। প্ৰধানমন্ত্ৰী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই দুয়োকে পুত্ৰৰ মৃতদেহ অনাত সহায় কৰিবলৈ অনুৰোধ কৰিছিল।
খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা ২১ বছৰীয়া নবীনে এখন গ্ৰোচাৰী দোকানৰ বাহিৰত শাৰী পাতি থিয় হৈ আছিল৷ সেই সময়তে চৰকাৰী ভৱনত ৰাছিয়াৰ গুলীবৰ্ষণত নিহত হয়। সহপাঠীৰ মতে, আন শিক্ষাৰ্থীৰ সৈতে এটা বাংকাৰত আছিল আৰু মঙলবাৰে সীমান্তত ৰেল খাদ্য সামগ্ৰী ল’বলৈ ওলাই গৈছিল।