শিৱসাগৰঃ ধর্মৰ উৰ্দ্ধত যে মানুহ আৰু মানৱীয়তা, সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল শিৱসাগৰত। এই কথা প্ৰমাণ কৰিলে এগৰাকী ইছলাম ধৰ্মী মহিলাই। দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। উল্লেখ্য যে যোৱা ২৪ তাৰিখে শিৱসাগৰ জিলাৰ ন-আলিস্থিত মুস্কান বেগমৰ ঘৰত মৃত্যু হয় আদিতে তিনিচুকীয়াৰ বাসিন্দা ধ্ৰুৱজ্যোতি মজুমদাৰৰ।
তিনিচুকীয়াৰ জীয়ৰী তথা বৰ্তমানৰ শিৱসাগৰৰ বোৱাৰী মুস্কান বেগমৰ লগত শৈশৱৰে পৰা ধ্ৰুৱজ্যোতিৰ আছিল ভাতৃ-ভগ্নীৰ সম্পৰ্ক। এসময়ত মুস্কান বেগম বৈৱাহিক সূত্ৰে শিৱসাগৰলৈ অহাৰ পাছতো ভ্ৰাতৃত্বৰ মৰমৰে বান্ধ খাই থকা ধ্ৰুৱজ্যোতিৰ লগত আছিল পূৰ্বৰ দৰেই আত্মীয়তা। শৈশৱতে পিতৃ-মাতৃক হেৰুৱাই ঘাট মাউৰা হোৱা ধ্ৰুৱজ্যোতিক পৰিয়ালৰ লোকেও কৰিছিল এলাগী। পৰিয়ালৰ লোকে আঁতৰাই পঠিওৱা ধ্ৰুৱজ্যোতিক অভিভাৱকৰ দায়িত্ব আৰু মৰমৰে আবৰি ৰাখে মুস্কান বেগমে।
পাঁচ বছৰ পূৰ্বে অসুস্থ হৈ পৰা ধ্ৰুৱজ্যোতি তিনিচুকীয়াৰ পৰা শিৱসাগৰলৈ গুচি আহি আশ্ৰয় গ্ৰহণ কৰে শিৱসাগৰৰ ন-আলিস্থিত মুস্কান বেগমৰ স্বামীগৃহত। তেতিয়াৰে পৰা ন-আলিতে বসবাস কৰা ধ্ৰুৱজ্যোতিৰ (২৮) দূৰ্ভাগ্যজনকভাবে ২৪ ছেপ্তেম্বৰত মৃত্যু হয়। মুস্কান বেগমৰ স্বামী গৃহতে ধ্ৰুৱজ্যোতি মজুমদাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত মুস্কান বেগমে ধ্ৰুৱজ্যোতিৰ পৰিয়ালৰ লগত বাৰম্বাৰ যোগাযোগ কৰে যদিও বিমুখ হোৱাত অৱশেষত ২৫ ছেপ্তেম্বৰত শিৱসাগৰৰ শান্তিবন শ্মশানত হিন্দু ধৰ্মীয় ৰীতি নীতিৰে ভাতৃ ধ্ৰুৱজ্যোতিক মুখাগ্নি কৰি অন্তিম বিদায় জনায় মুস্কান বেগমে।