পঙ্কজ নাথঃ কামৰূপ জিলাত গুণোৎসৱৰ সফল সমাপ্তিৰ পিছতে বিদ্যালয়ৰসমূহৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ পৰ্যবেক্ষণ কৰাৰ বাবে আজি জিলা উপায়ুক্তকে ধৰি প্ৰশাসনৰ অন্যান্য বিষয়াসকলে জিলাখনৰ কিছু সংখ্যক বিদ্যালয় আকস্মিক পৰিদৰ্শন কৰে৷ বহু সংখ্যক বিদ্যালয়ত শিক্ষকৰ অনুপস্থিতি, উপস্থিতিৰ বিলম্বতাকে ধৰি কিছু সংখ্যক বিসংগতি ধৰা পেলায়। কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ কাম-কাজৰ পৰ্যবেক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিদ্যালয়সমূহৰ সমস্যাসমূহ নিৰাময়ৰ বাবে জিলা উপায়ুক্তই ইতিমধ্যে জিলা পৰ্যায়ৰ ৯টা গোট গঠন কৰিছে। উপায়ুক্ত তথা অতিৰিক্তি উপায়ুক্তসকলৰ নেতৃত্বত গঠিত গোটসমূহে বিদ্যালয়সমূহৰ আকস্মিক পৰিদৰ্শনেৰে বিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ, শিক্ষক আৰু কৰ্মচাৰীৰ উপস্থিতি, স্বাস্থ্য সন্মত শৌচাগাৰ (ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক পৃথক), জলজীৱন অভিযান তথা বিশুদ্ধ খোৱা পানী যোগান ব্যৱস্থা, বিদ্যুৎ ব্যৱস্থা তথা এলইডিচাকি উপলদ্ধতা আৰু মান সম্পন্ন মধ্যহ্ন ভোজনৰ ব্যৱস্থাৰ দিশসমূহৰ চৰজমিন পৰীক্ষণৰ জৰিয়তে প্ৰতিবেদন দাখিল কৰিব। বিষয়সমূহৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ’ব। শিক্ষক বা কৰ্মচাৰীৰ অনুপস্থিতি, উপস্থিতিৰ বিলম্বতা তথা অন্যান্য গাফিলতি ধৰা পৰিলে বিহিত ব্যৱস্থা লোৱা হব। আজি কামৰূপ জিলাৰ উপায়ুক্তকে ধৰি অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দ্বাৰা গঠিত গোটসমূহে সৰ্বমুঠ ২২ খন হাইস্কুল, এলপি স্কুল আকস্মিক পৰিদৰ্শন কৰি বিদ্যালয়ত শিক্ষকৰ অনুপস্থিতিকে ধৰি উপস্থিতিৰ বিলম্বতা, পঠন সমস্যাকে ধৰি অন্যান্য বিসংগতি প্ৰত্যেক্ষ কৰে। গোটসমূহে ইতিমধ্যে আকস্মিক পৰিদৰ্শনত পোৱা ইতিবাচক তথা নেতিবাচক দিশসমূহৰ অৱলোকনেৰে প্ৰতিবেদন উপায়ুক্তক দাখিল কৰিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কাৰণ দৰ্শোৱা জাননী, অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ ইত্যাদিৰ দৰে পদক্ষেপ লোৱা হ’ব। তদুপৰি আন্তঃগাঁঠনিৰ দিশৰ সমস্যাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব।