ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেইমাহমান পূৰ্বে প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকাত দেখা দিছিল তীব্ৰ অৰ্থনৈতিক সংকটে৷ এই সংকট ৰোধ কৰিবলৈ অসমৰ্থ হৈ পৰিল শ্ৰীলংকাৰ চৰকাৰ৷ যাৰ ফলত হাজাৰ হাজাৰ জনতাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰৰ বিৰুদ্ধে৷
দ্বীপৰাষ্ট্ৰখনৰ বিক্ষোভিত প্ৰতিবাদী জনতাই ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসগৃহ ঘেৰাও কৰি পদত্যাগৰ দাবী তুলিছিল৷ মাহ মাহ ধৰি ক্ষোভিত জনতাৰ এনে প্ৰতিবাদী ৰূপ দেখি শেহতীয়াকৈ দেশখনৰ ৰাষ্টপতি গটাবায়া ৰাজাপাকছে শনিবাৰে ৰাজধানীত থকা তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা পলায়ন কৰাৰ খবৰ আহিছে৷ লগতে ৰাষ্ট্ৰপতিগৰাকী অজ্ঞাত সুৰক্ষিত স্থানলৈ গমন কৰাৰ কথা বাতৰিত প্ৰকাশ পাইছে৷
২২ নিযুত লোকে বসবাস কৰা দেশখনে বৈদেশিক মুদ্ৰাৰ অভাৱত ভুগিছে, লগতে ইন্ধন, খাদ্য আৰু ঔষধৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সকলো ক্ষেত্ৰতে জনসাধাৰণে দুৰ্ভোগ ভুগিছে৷ যাৰ ফলত শ্ৰীলংকাই সাত দশকৰ ভিতৰত আটাইতকৈ বেয়া বিত্তীয় অস্থিৰতাৰ দিশে গতি কৰিছে৷