মধ্য প্ৰদেশ বিজেপি বিধায়কজনৰ বিৰুদ্ধে বাতৰি লিখা সাংবাদিকক আৰক্ষী থানাৰ ভিতৰত উলংগ কৰা হয়৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সাংবাদিকৰ দলটোক উলংগ কৰি থিয় কৰাই ৰাখে আৰক্ষী থানাৰ ভিতৰত। চৰ্চিত অমৰ উজালাৰ সাংবাদিকক নগ্ন কৰি থিয় কৰোৱা হয়৷ মধ্য প্ৰদেশৰ চিধি জিলাৰ আৰক্ষীয়ে সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষী চকীত নিজৰ কাপোৰ খুলি ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰা হয়। আনকি লক-আপত সাংবাদিকসকলক অন্তৰ্বাস পিন্ধিহে থাকিবলৈ দিয়া হয়৷ সাংবাদিকসকলৰ দোষ এয়াই আছিল যে তেওঁলোকে বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিছিল। কংগ্ৰেছে আৰক্ষীৰ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে।
চিধি আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বাঘেলী ভাষাত ইউটিউবত চেনেল চলাই থকা কানিশক তিৱাৰী নামৰ যুৱকজন আৰু কিছু সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ভুৱা পৰিচয় পৰিচয়ৰে ফেচবুকত বিধায়ক কেদাৰনাথ শুক্লা আৰু পুত্ৰক বদনাম কৰাৰ অভিযোগ উঠিছে। বিধায়কজনৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত এজাহাৰও দাখিল কৰা হৈছে। জ্যেষ্ঠ সাংবাদিক ৰাকেশ পাঠকে কৈছে যে কানিশকৰ ইউটিউবত এক লাখতকৈও অধিক অনুসৰণকাৰী আছে। নিউজ চেনেলৰ পৰা এখন পত্ৰও পোহৰলৈ আহিছে যিয়ে নিশ্চিত কৰিছে যে কানিশক তিৱাৰী এজন ফ্ৰিলান্স সাংবাদিক।
আৰক্ষীৰ মতে, এটা ভুৱা পৰিচয়ৰ পৰা ফেচবুকত অশালীন মন্তব্য কৰা হৈছিল। আৰক্ষীয়ে গোচৰটোত প্ৰথমে নীৰজ কুন্দৰক গ্ৰেপ্তাৰ কৰিছিল। ফলত সাংবাদকৰ্মীসকলে কোতৱালী আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে। তেনে সময়তে আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰে। কানিশক তিৱাৰী এজন ইউটিউবাৰ আৰু তেওঁৰ বিৰুদ্ধে আগতেও কিছু অভিযোগ পঞ্জীয়ন কৰা হৈছিল। কোতৱালী আৰক্ষী থানাত কোনোৱে কাপোৰ অবিহনে সাংবাদিক কেইজনৰ ফটো তুলি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে। অপৰাধ নং ২৬২/২২, ধাৰা ৪১৯, ৪২০ আৰু ৬৬-চি, আইটি আইনৰ ৬৬-ডি ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু কোতৱালী আৰক্ষীৰ তদন্ত চলি আছে। ফটোখন ভাইৰেল হোৱাৰ ঘটনাৰ তদন্ত ডিএছপিক হস্তান্তৰ কৰা হৈছে।
কংগ্ৰেছে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। প্ৰাক্তন মন্ত্ৰী জয়বৰ্ধন সিঙে ফটো টুইট কৰি কয় যে এইখন মধ্যপ্ৰদেশৰ চিধি জিলাৰ আৰক্ষী থানাৰ ছবি। অৰ্ধ-উলংগ যুৱকজন চোৰ নহয়, সংবাদ মাধ্যমৰ সংগী৷ যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। অৰ্ধ-উলংগ কৰি কাৰাগাৰত ৰখাৰ কাৰণ হৈছে বিজেপি বিধায়কজনৰ বিৰুদ্ধে এটা বাতৰি কৰিছিল। প্ৰাক্তন মন্ত্ৰী পি.চি শৰ্মাই কয় যে জ্যেষ্ঠ সাংবাদিক কানিশক তিৱাৰী আৰু বাঘেলী নিউজ চেনেলৰ সহযোগীসকলৰ বাবে ৰাজ্য চৰকাৰৰ অযোগ্যতা তুলি ধৰা হৈছে। উলংগ কৰি আৰক্ষী চকীত থিয় কৰোৱা হৈছে। এইটো এটা অত্যন্ত নিন্দনীয় কাৰ্য৷ শিৱৰাজ সিং চৰকাৰে এতিয়া ব্ৰিটিছৰ দৰে এক অত্যাচাৰী মনোভাৱ গ্ৰহণ কৰিছে।