March 27, 2023, 8:08 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিধানসভাত সমুখৰ পৰা যুঁজিব অজিত কুমাৰ ভূঞাই, গুৱাহাটীত আঞ্চলিক শক্তিৰ প্ৰতিনিধিৰ মঞ্চ গঠন

Reporter Name
  • Update Time : Sunday, June 14, 2020
  • 165 Time View

নিউজ ডেস্কঃ অসমত আঞ্চলিক শক্তিক পুনৰ উদ্ধাৰৰ চেষ্টা আজিৰে পৰা আৰম্ভ হৈছে৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বানক্ৰমে আজি গুৱাহাটীত জাতীয় চিন্তা-চেতনাৰ লগত জড়িত কেবাটাও দল-সংগঠনৰ প্ৰতিনিধি একত্ৰিত হৈ এখন মঞ্চ গঠন কৰে৷ সাংসদ অজিত ভূঞাই স্কাই নিজউ অসমৰ প্ৰতিনিধিক জনোৱা মতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি আৰু অগপক উৎখাত কৰি নতুন এক আঞ্চলিক শক্তিক শাসনলৈ অনাৰ ক্ষেত্ৰত এই মঞ্চই কাম কৰিব৷

ইতিমধ্যে আজি ১১ জনীয়া এখন সমিতি গঠন কৰা হৈছে৷ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অদীপ কুমাৰ ফুকন, হলিৰাম তেৰাং, কমল নাৰায়ণ চৌধুৰী, ৰফিউল হুছেইন বৰুৱা, অনুপ বৰুৱা আৰু দুলু গগৈক আহ্বায়ক আৰু লাচিত বৰদলৈ, মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰক সমন্বয়ক হিচাপে লৈ গঠন কৰা সমিতিখনে সন্মানীয় সদস্য হিচাপে হাইদৰ হুছেইন, নেকিবুৰ জামান আৰু মীৰা বৰঠাকুৰক জড়িত কৰিছে৷

এই সমিতিখনে পৰৱৰ্তী বৈঠকত জাতীয়তাবাদী শিবিৰক একত্ৰিত কৰা মঞ্চখনৰ নাম আৰু কৰ্মসূচী ঘোষণা কৰিব৷ মঞ্চই অসমৰ জনজীৱনত শেহতীয়াভাৱে সাম্প্ৰদায়িক শক্তিসমূহৰ উত্থানৰ বিষয়টোক গভীৰ উৎকণ্ঠাৰে খেদ প্ৰকাশ কৰে আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিমুক্ত এখন চৰকাৰ গঠন কৰিবলৈ আজিৰ দিনটোৰ পৰাই প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে৷

‘আপুনি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নেকি’ বুলি সাংসদ অজিত কুমাৰ ভূঞাক কৰা প্ৰশ্নৰ উত্তৰত সাংসদজনে কয় যে সেয়া এক বহুত দূৰৈৰ কথা৷ বৰ্তমান সময়ত আমি আঞ্চলিকতাবাদী শক্তিসমূহক একত্ৰিত কৰাৰ বাবে চেষ্টা চলাম৷ তেখেত নিজেই সমুখৰ পৰা থাকি যুঁজ দিব বুলি উল্লেখ কৰি ভূঞাই কয় যে বিজেপি আৰু অগপৰ ক্ষেত্ৰত আমাৰ স্পষ্ট নীতি এয়াই যে তেওঁলোকৰ নেতৃত্বত থকা চৰকাৰখনৰ নেতিবাচক বিষয়সমূহ আমি ৰাইজৰ আগত উদঙাই দিম৷

কংগ্ৰেছ আৰু এআইইউডিএফৰ লগত আপোনালোকৰ সম্পৰ্ক কেনে হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ভূঞাই কয় যে সেইবোৰ বিষয় এতিয়াও আলোচনা হোৱা নাই৷ কিন্তু বিজেপিক উৎখাত কৰাৰ ক্ষেত্ৰত আমি সময়ত কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰাৰ কথাটো নুই কৰিব নোৱাৰো৷ আমাৰ মূল কথাটো হ’ল অসমক বচাবলৈ হ’লে জাতীয়তাবাদী শিবিৰৰ উত্থান হ’বই লাগিব৷ ভূঞাই লগতে অহা বিধানসভা নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ বাবে শীঘ্ৰেই আন এখন সমিতি গঠন কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে