ডিজিটেল ডেস্কঃ কালিৰে পৰা অনুষ্ঠিত হোৱা চাৰিদিনীয়া অসম বিধানসভাৰ অধিবেশনৰ আজি দ্বিতীয় দিনটোত বিধানসভা চৌহদত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আন আন মন্ত্ৰীসকলে প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মঙলবাৰে পুৱা অসম বিধানসভা চৌহদত প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য আদিয়ে প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অন্যান্যসকলে পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে।