শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেয়ে আজি কিছু সময় পূৰ্বে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে৷ সমগ্ৰ দেশখনৰ নাগৰিকে হাহাকাৰ কৰি থকাৰ সময়তে ৰাজপাক্ষেয়ে জাৰী কৰে এক গেজেট৷ গেজেট যোগে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্ৰীলংকাত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰে৷ শ্ৰীলংকাই খাদ্য সংকটে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ খাদ্য সামগ্ৰী যোগান ধৰিব পৰা নাই চৰকাৰে। শেহতীয়াকৈ, শ্ৰীলংকাৰ বাণিজ্য মন্ত্ৰালয়ে ইয়াৰ খাদ্য সামগ্ৰী বৃদ্ধিৰ বাবে চাউল আমদানিৰ বাবে ম্যানমাৰ, ভাৰত. পাকিস্তানৰ সৈতে যোগাযোগ কৰিছে। তাৰ মাজতে এদিন পৰ্বে ৰাষ্ট্ৰপতি ৰাজপাক্ষৰ আৱাসত অগ্নিসংযোগ কৰাৰ প্ৰয়াস কৰে উত্তেজিত লোকে৷
খাদ্য-সামগ্ৰীৰ বাবে চৌদিশে হাহাকাৰ৷ চাউল, চেনী, ৰন্ধন গেছ, কেৰাচিন, নিমখ এতিয়া একো পাবলৈ নাই৷ ৩০০ শতাংশ মূল্যবৃদ্ধি হৈছে৷ গাখীৰৰ লিটাৰ বিক্ৰী হৈছে ৩০০ টকাকৈ৷ লোকেল চিকেন প্ৰতি কেজি বিক্ৰী হৈছে দুই হাজাৰ টকাকৈ৷ পিঁয়াজ, বিলাহী, আলু প্ৰতি কেজি বিক্ৰী হৈছে ২৫০ৰ পৰা ৩০০ টকাকৈ৷ এক লিটাৰৰ পানীৰ বটল বিক্ৰী হৈছে এশ টকাকৈ৷ দুৰ্ভিক্ষ সদৃশ পৰিস্থিতি শ্ৰীলংকাত৷ খাদ্যৰ বাবে গোষ্ঠী সংঘৰ্ষ হোৱাৰ আশংকা কৰা হৈছে৷ চুৰি-ডকাইতি বৃদ্ধি হৈছে৷ এনে সময়তে নাগৰিকে ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰা পৰিক্ষিত হৈছে৷ নাগৰিকে এৰা নাই খোদ ৰাষ্ট্ৰপতিক৷ আৰ্থিক অৱস্থাৰ বাবে চৰকাৰক দোষ দি চৰকাৰে একো নকৰাৰ অভিযোগ আনিছে৷ তাৰ মাজতে সমগ্ৰ দেশত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা৷ কয়লাৰ যোগান বন্ধ হৈ পৰাত ৰাজধানী কলম্বো এন্ধাৰত নিমজ্জিত হৈ পৰিছে৷
বৃহস্পতিবাৰে ১৩ ঘণ্টা ধৰি দেশৰ ৰাজধানীত বিদ্যুৎ সংযোগ ব্যাহত কৰা হয়৷ বৃহস্পতিবাৰে নিশা শ্ৰীলংৰকাৰ ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ব্যক্তিগত আৱাসৰ বাহিৰত শ শ ক্ষুব্ধ প্ৰতিবাদকাৰী সমবেত হৈ তাণ্ডৱ চলাই৷ শ্ৰীলংকাৰ অৱনতি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ মাজত দ্বীপটোত ১৩ ঘণ্টা দীঘলীয়া বিদ্যুৎ কৰ্তনৰ অভিজ্ঞতা লাভ কৰাৰ পিছতে নাগৰিকৰ ধৈৰ্য ক্ষমতা নোহোৱা হৈ পৰিছে। ক্ষোভিত নাগৰিকে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয়৷ পিছত ৰাজধানী কলম্বোস্থিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা কৰে নাগৰিকে৷ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ব্যক্তিগত আৱাসৰ বাহিৰত দ্ৰুতগতিত মোতায়েন কৰা হয় নিৰাপত্তাৰক্ষী। জনতাক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু পানী কামান ব্যৱহাৰ কৰিবলগীয়া হয়৷ আন্দোলনকাৰীসকলে চৰকাৰ বিৰোধী শ্লগান দি পৰিবেশ উত্তাল কৰে৷
বিগত প্ৰায় ডেৰমাহ ধৰি শ্ৰীলংকাত দ্ৰুতগতিত সংকটৰ সন্মুখীন হৈছে। খাদ্য, ইন্ধন আৰু ৰন্ধন গেছ আৰু খাদ্যৰ আকাশচুম্বী মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ অসন্তুষ্টি বৃদ্ধি পাইছে। মহাহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি চলি থকা প্ৰতিৰোধৰ পিছত যোৱা বছৰৰ শেষৰ ফালে ডলাৰৰ সংকটৰ সৃষ্টি হৈছিল৷ এই বছৰৰ আৰম্ভণিৰ পৰা সংকট দ্ৰুতগতিত বৃদ্ধি পাইছিল, যাৰ ফলত শ্ৰীলংকাৰ লোকসকল ক্ষতিগ্ৰস্ত হয়৷ শ্ৰীলংকাত অৰ্থনৈতিক সংকটে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পিছৰে পৰা দেশখনৰ জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। শ্ৰীলংকাৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে জনতাই হিংসাত্মক বিক্ষোভ গঢ়ি তুলিছে। বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা কৰাৰ লগতে ক্ষুব্ধ জনতাই হিংসাত্মক প্ৰতিবাদত নামি পৰাত ৰাজধানী কলম্বোত নিশাই সান্ধ্য আইন জাৰি কৰা হৈছে।
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ বাসভৱনৰ বাহিৰত চলি থকা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পিছত সাংবাদিকসহ ১০জন লোক আহত হৈছে। ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ বাসভৱনৰ পিনে যোৱা পথত এখন বাছত অগ্নিসংযোগ কৰাৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে এখন দেৱাল ভাঙে আৰু নিৰাপত্তাৰক্ষীক শিলেৰে আক্ৰমণ কৰে৷ প্ৰতিবাদকাৰীসকলে ইমানতে ক্ষান্ত নাথাকি শ্ৰীলংকাৰ সেনাবাহিনীৰ এখন বাছ আৰু এখন জীপতো অগ্নিসংযোগ কৰে। শ্ৰীলংকাত বৈদেশিক মুদ্ৰাৰ অভাৱত ইন্ধনৰ নাটনি দেখা দিয়াত দেশখনত পৰ্যাপ্ত বিদ্যুৎ উৎপাদন সম্ভৱ হোৱা নাই। এনে পৰিস্থিতিত দেশখনত চৰকাৰে দিনে ১০-১২ঘন্টা বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত লৈছে।