February 6, 2023, 10:06 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

বিদ্যুতৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ ৫ ৰাজ্যৰ ভিতৰত অসম শীৰ্ষত, বিদ্যুৎ মাচুল বৃদ্ধিৰ তীব্ৰ বিৰোধিতা জাতীয় যুৱ বাহিনীৰ

Reporter Name
  • Update Time : Wednesday, January 11, 2023
  • 12 Time View

নিউজ ডেস্কঃ স’ততে অসমক দেশৰ ভিতৰতে ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দখল কৰাবলৈ তৎপৰতা দেখুৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত বিদ্যুতৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অসম শীর্ষস্থান দখল কৰিবলৈ আগবাঢ়িছে। Central Electricity Authorityয়ে প্ৰকাশ কৰা All India Electricity Statistic ৰ তথ্য অনুসৰি ২০২১ চনত বিদ্যুতৰ দামৰ তালিকাত অসমৰ স্থান ৮ নম্বৰত আছিল। ২০২১ চনত অসমত প্ৰতি ইউনিট বিদ্যুতৰ দাম আছিল ৫.৮৮ টকা। ২০২১ চনত অসমতকৈ বিহাৰ, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত বিদ্যুতৰ দাম অধিক আছিল। অৱশ্যে কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ গাঁৱত বিদ্যুতৰ মূল্য অসমতকৈ কম আছিল। শেহতীয়াকৈ ২০২২ বৰ্ষৰ All India Electricity Statistic ৰ তথ্য প্রকাশ পোৱা নাই যদিও ভাৰতৰ আটাইকেইখন ৰাজ্যৰ বিদ্যুৎ নিয়ামক আয়োগত উপলব্ধ তথ্য অনুসৰি বিদ্যুতৰ অধিক দামৰ ক্ষেত্ৰত অসমৰ স্থান ৯ নম্বৰত আছিল। ২০২২ চনত অসমত প্রতি ইউনিট বিদ্যুতৰ দাম আছিল ৬.২২ টকা। ২০২২ চনত অসমতকৈ ৰাজস্থান, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা, কর্ণাটকাত বিদ্যুতৰ মাচুল অধিক আছিল। কিন্তু শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে দিয়া জাননী অনুসৰি বিদ্যুতৰ মূল্য বৃদ্ধি পালে অসমত বিদ্যুতৰ দাম প্রতি ইউনিতত ৭.৫৮ টকা হ’বগৈ আৰু ভাৰতৰ ভিতৰত দ্বিতীয় মহঙা (costly) ৰাজ্য হ’বগৈ অসম।

 

যোৱা ২০ ডিচেম্বৰ, ২০২২ তাৰিখে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে দিয়া এক জাননী অনুসৰি একেবাৰে দৰিদ্ৰ লোকসকলৰ বাবে দিয়া ‘জীৱন ধাৰা’ আঁচনিৰ গ্ৰাহকৰ ফিক্সড চার্জ প্রতি কিলোৱাটত ৩০ টকাৰ পৰা ৪৫ টকালৈ আৰু প্ৰতি ইউনিট বিদ্যুতৰ দাম ৪.৯৫ টকাৰ পৰা ৫.৯০ টকালৈ বৃদ্ধি কৰিব বিচাৰিছে। ঠিক সেইদৰে ঘৰুৱা ব্যৱহাৰকাৰী গ্ৰাহকৰ ফিক্সড চার্জ প্রতি কিলোৱাটত ৬০ টকাৰ পৰা ৭৫ টকালৈ আৰু প্ৰতি ইউনিট বিদ্যুতৰ দাম ৫.৬০ টকাৰ পৰা ৬.৫৫ টকালৈ বৃদ্ধি কৰিব বিচাৰিছে। অর্থাৎ অসম চৰকাৰে বিদ্যুতৰ দাম প্রতি ইউনিটত একেবাৰতে ১.১০ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছে। যোৱা ৭ টা বছৰৰ ভিতৰত এইবাৰেই আটাইতকৈ বেছিকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ বিচৰা হৈছে। যোৱা ২০১৬ চনত বিজেপি শাসনলৈ অহাৰ পূৰ্বে অসমত প্রতি ইউনিত বিদ্যুতৰ দাম আছিল ৫.২৫ টকা, ২০২০ চনত এই দাম বৃদ্ধি হৈ প্ৰতি ইউনিতত ৫.৮০ টকা, ২০২২ বৰ্ষত প্রতি ইউনিত ৬.২০ টকা আৰু এইবাৰ দিয়া প্ৰস্তাৱ অনুসৰি বিদ্যুতৰ দাম বৃদ্ধি পালে প্রতি ইউনিটত বিদ্যুতৰ দাম ৭.৩০ টকা হ’বগৈ। অৰ্থাৎ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা এতিয়ালৈকে প্ৰতি ইউনিতত ২.০৫ টকা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিলে। অসমৰ আটাইতকৈ দৰিদ্ৰ লোকসকল(যিসকলে মাহত ৩০ কিলোৱাটকৈ কমকৈ ব্যৱহাৰ কৰে)ৰ বাবে থকা ‘জীৱন ধাৰা’ আঁচনিৰ গ্ৰাহকসকলৰ বাবে ২০১৬ চনত প্রতি ইউনিট বিদ্যুতৰ দাম আছিল ৪.২৫ টকা, বিদ্যুতৰ মূল্যবৃদ্ধি প্ৰস্তাৱ গৃহীত হ’লে এই দাম হ’বগৈ ৬.৩৫ টকা। মানে ২০১৬ চনত জীৱন ধাৰা আঁচনি পোৱা এজন গ্ৰাহকৰ মাহেকীয়া বিল যদি ১৩৮ টকা আহিছিল, তেন্তে সেইজন গ্ৰাহকৰ বৰ্ত্তমান মাহেকীয়া বিল আহিব ২২২ টকা । ঠিক সেইদৰে ২০১৬ চনত ১ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা এজন ঘৰুৱা গ্ৰাহকৰ মাহেকীয়া বিল যদি ৫২৫ টকা আহিছিল, তেনেহ’লে সেইজন গ্ৰাহকৰ মাহেকীয়া বিল আহিব ৭৩০ টকা। যিসকল মধ্যবিত্ত শ্ৰেণীৰ গ্রাহকে ৪ কিলোৱাট বিদ্যুৎ প্রতি মাহে ২০০ ইউনিটকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ বিল ২০১৬ চনত যদি ১,২১৪ টকা আহিছিল, এতিয়া সেই বিল ১,৭২২ টকা হ’বগৈ। কেৱল ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰতেই নহয়, বাণিজ্যিক গ্ৰাহকৰ ক্ষেত্ৰতো বিদ্যুতৰ ব্যাপক মূল্যবৃদ্ধি কৰা হৈছে। এইদৰে ব্যাপকভাৱে বিদ্যুতৰ মূল্যবৃদ্ধি কৰাৰ ফলত ৰাইজৰ অৰ্থনৈতিক অৱস্থা খুবেই শোচনীয় হৈ পৰিব আৰু সকলো বস্তুৰে দাম বৃদ্ধি হ’ব। উল্লেখ্য যে বিজেপি চৰকাৰে যোৱা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৩০ ইউনিটকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ বিল ৰেহাই দিয়া হ’ব বুলি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও অসমৰ গ্ৰাহকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰাইজৰ দলে বাৰম্বাৰ সংবাদ মাধ্যমত অভিযোগ আনিছিল যে অসম চৰকাৰৰ বিত্তীয় অৱস্থা খুবেই শোচনীয়।

 

এই কথাৰ প্ৰমাণ পোৱা গ’ল অসম শক্তি বিতৰণ কোম্পানীৰ শেহতীয়া জাননীত। উক্ত জাননীত স্পষ্টকৈ উল্লেখ কৰিছে যে অসম চৰকাৰে ২০২০-২০২১, ২০২১- ২০২২, ২০২২-২০২৩ বিত্তীয় বৰ্ষত ৪০০ কোটি টকাৰ চৰকাৰী সাহাৰ্য দিবলৈ বাকী আছে। যাৰ বাবেই অসম শক্তি বিতৰণ কোম্পানীয়ে ১.১০ টকাকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে। যদি চৰকাৰে এই অনুদান দি দিয়ে তেনেহ’লে বিদ্যুতৰ দাম ০.৪১ টকা হ্ৰাস পাব বুলি উল্লেখ কৰিছে।
আজি মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে সংবাদমেলৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে দিয়া এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি কয় যে চৰকাৰে মূল্যবৃদ্ধিৰ ফালৰ পৰা অসমক এক নম্বৰত নিবলৈ চেষ্টা কৰিছে। দেশৰ ভিতৰতে অসমত এতিয়া বিদ্যুৎ আটাইতকৈ মহঙা হ’বলৈ গৈ আছে। প্রাক্তন শক্তিমন্ত্রী বিমল বৰাই জনোৱা তথ্য অনুসৰি অসম চৰকাৰৰ বিভিন্ন বিভাগে বিদ্যুৎ বিভাগক ৯৫ কোটি টকা পৰিশোধ কৰিবলৈ বাকী আছে। এতিয়া বিজেপি চৰকাৰে জনসাধাৰণৰ ওপৰত বোজা জাপি দি APDCL ৰ এই ৯৫ কোটিৰ ক্ষতিপূৰণ পূৰাবলৈ আৰু অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা ১,১৬,০০০ কোটি টকাৰ ধাৰৰ বোজা মাৰিবলৈ এইদৰে মূল্যবৃদ্ধি কৰিছে বুলিও জাতীয় যুৱ বাহিনীয়ে অভিযোগ উত্থাপন কৰে। জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে চৰকাৰক কোনো কাৰণতে বিদ্যুতৰ মূল্যবৃদ্ধি নকৰিবলৈ দাবী জনায় আৰু অসমৰ সকলো দল-সংগঠন, ৰাইজক বিদ্যুতৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। লগতে অসম শক্তি বিতৰণ কোম্পানীয়ে দিয়া ৰাজহুৱা জাননী অনুসৰি ২১ জানুৱাৰী, ২০২৩ তাৰিখৰ ভিতৰত অসম বিদ্যুৎ নিয়ামক আয়োগৰ সচিবৰ ওচৰত The Secretary, Assam Electricity Regulatory Commission, ASEB Complex, 6th Mile, Dwarandhar, Guwahati – 22 ঠিকনাত পোষ্টযোগে/ব্যক্তিগতভাৱে গৈ বা tariffpetitionsapdcl@gmail.com আৰু aerc_ghy@hotmail.com ত ই-মেইলযোগে অভিযোগ উত্থাপন কৰিবলৈ আহ্বান জনায়। আজি সংবাদমেলত জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক(প্রশাসন) সুব্রত দত্তও উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে