March 17, 2023, 10:57 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতিৰ পথ সঞ্চালনাত ছাত্ৰৰ অভিবাদন গ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Reporter Name
  • Update Time : Sunday, April 10, 2022
  • 75 Time View

পঙ্কজ নাথঃ অসমৰ শিক্ষাখণ্ডৰ মাতৃভাষাৰ জৰিয়তে পাঠদান কৰা বৃহত্তম সংস্থা বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতিয়ে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ‘সহস্ৰনাদ’ কাৰ্যসূচী ৰূপায়ন কৰে৷ ৭৫ সংখ্যক স্বাধীনতা দিৱস অমৃত মহোৎসৱ হিচাপে উদযাপন কৰাৰ দৰেই শিশু শিক্ষা সমিতিয়ে এই মহোৎসৱৰ লগত সংগতি ৰাখি আজি ‘সহস্ৰনাদ’ কাৰ্যসূচী উদযাপন কৰে। অনুষ্ঠান আনুষ্ঠানিক ভাৱে মুকলি কৰে শিশু শিক্ষা সমিতিৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তই। অমৃত মহোৎসৱ উদযাপন কাৰ্যসূচীত শিশু শিক্ষা সমিতিৰয়ে গুৱাহাটী মহানগৰত ৭৫টা ঘোষ দলৰ পথ সঞ্চালনা কৰে। দিঘলীপুখুৰীৰ চাৰিওফালে পথ সঞ্চালন কৰাৰ অন্তত ‘অমৰ জোৱান’ ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। গুৱাহাটীৰ যুদ্ধ স্মাৰক উদ্যান আৰু লতাশিল খেলপথাৰত আকৰ্ষণীয় ঘোষ প্ৰদৰ্শন কৰা হয়। প্ৰতিকূল বতৰৰ মাজতো অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে। শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে মহান উদ্দেশ্যেৰে আয়োজিত কাৰ্যসূচীৰ প্ৰতিটো অনুষ্ঠানেই উপভোগ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় সম্পাদক ব্ৰক্ষ্মাজী ৰাও, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰত সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী আৰু বিগ্ৰেদিয়াৰ দামোদৰ যোশী।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে