বিদেশৰ পৰা পৰিচালিত ‘পাঞ্জাৱ পলিটিক্স টিভি’ৰ ছ’চিয়েল মিডিয়াৰ সকলো একাউণ্ট বন্ধ কৰি দিয়া হৈছে৷ এপ, ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ সমলবোৰ সাম্প্ৰদায়িক বিভেদ আৰু বিচ্ছিন্নতাবাদক উচটনি দিয়া ধৰণৰ আছিল৷ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাজ্যৰ নিৰাপত্তা আৰু ৰাজহুৱা শান্তি-শৃংখলাৰ বাবে ক্ষতিকাৰক বুলি অভিযোগ উঠিছিল৷
আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শিখছ ফৰ জাষ্টিছ (এছএফজে)ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বিদেশী আধাৰিত ‘পঞ্জাৱ পলিটিক্স টিভি’ৰ বিভিন্ন এপ, ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্ট অৱৰোধ কৰাৰ নিৰ্দেশ দিছিল। সংগঠনটোক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ অধীনত বেআইনী ঘোষণা কৰা হৈছে।
চোৰাংচোৱা ইনপুট অনুসৰি, চেনেলটোৱে চলিত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজহুৱা শৃংখলা বিঘ্নিত কৰিবলৈ অনলাইন মাধ্যম ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছিল। সেয়েহে, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ১৮ ফেব্ৰুৱাৰীত আইটি নিয়মৰ অধীনত ইয়াৰ জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি পঞ্জাৱ পলিটিক্স টিভিৰ ডিজিটেল মিডিয়া সম্পদসমূহ অৱৰোধ কৰে।