শিৱসাগৰঃ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা গীত কামৰূপাক গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে শিৱসাগৰ আৰক্ষীয়ে৷ বিতৰ্কিত মন্তব্য কৰা মহিলাগৰাকী লৈ আজি চমন জাৰি কৰে শিৱসাগৰ আৰক্ষীয়ে৷ কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে মহিলাগৰাকীয়ে ১৫ দিনৰ সময় বিচাৰে যদিও আৰক্ষীয়ে তিনিদিন সময় দিয়ে মহিলাগৰাকীক৷ উল্লেখ্য যে, শিৱসাগৰ জিলাত ৬ হাজাৰ পঞ্জীয়নবিহীন দেহোপজিৱিনী থকাৰ লগতে প্ৰায় ১৫০০ পঞ্জীয়ন ভুক্ত দেহোপজিৱিনী থকা বুলি বিতৰ্কিত মন্তব্য কৰিছিল গীত কামৰূপাই৷ ইয়াৰ পিছতে গীত কামৰূপা নাম মহিলাগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে শিৱসাগৰৰ বিভিন্ন দল-সংগঠন৷