ডিজিটেল ডেস্কঃ সততে ছচিয়েল মিডিয়াত সাম্প্ৰদায়িক পোষ্ট দি তথা মন্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰা বিজেপি নেতা টি ৰাজা সিঙক ফেচবুকে নিষিদ্ধ কৰি একাউণ্ট বন্ধ কৰে৷ বিদ্বেষমূলক ভাষণ আৰু সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে তদন্ত নকৰা বুলি ফেচবুকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বিজেপিৰ বিধায়কক ফেচবুক মঞ্চৰ পৰা নিলম্বন কৰিছে৷
তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক ফেচবুক মঞ্চৰ পৰা নিলম্বন কৰিছে৷ বিদ্বেষ আৰু ঘৃণা বৃদ্ধিৰ অভিযোগ আৰু ফেচবুকৰ নীতি-নিৰ্দেশনা উলংঘা কৰাত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ফেচবুক ভাৰতৰ এগৰাকী প্ৰৱক্তাই৷