মঙলদৈঃ বাৰে বাৰে বিতৰ্কত সোমাই পৰিছে দৰং জিলাৰ স্বাস্থ্য বিভাগ৷ কোৱাৰাণ্টাইন হৈ ক’ৰোনা পজিটিভ ধৰা পৰা ৰোগীক ঘৰলৈ পঠাই দিয়াৰ পিছত পুনৰ ক’ৰোনা পজিটিভ ধৰা পৰাত বিতৰ্কত সোমাই পৰিছে জিলা স্বাস্থ্য বিভাগ আৰু মঙলদৈ অসামৰিক চিকিৎসালয়। সদা বিতৰ্কিত মঙলদৈ অসামৰিক চিকিৎসালয়ে এইবাৰ ক’ৰোনা সংক্ৰমিত ৰোগীক ঘৰলৈ পঠিয়াই বিতৰ্কৰ সূচনা কৰিছে৷
জানিব পৰা মতে, যোৱা ১০ জুনত দৰং জিলাত সুস্থ হোৱা ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছিল৷ ৰোগীসকল মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ কোৰোনা আক্ৰান্ত ৰোগীসকলৰ মাজৰ ৪গৰাকী ৰোগীক চিকিৎসালয় খনে সম্পূৰ্ণ আৰোগ্য নোহোৱাকৈ ঘৰলৈ পঠিয়াই দিয়ে৷ পিছত এই কথা ৰাজহুৱা হোৱাত উক্ত লোককেইজনক পুনৰ চিকিৎসা কৰাৰ ব্যৱস্থা কৰাৰ লগতে পৰিয়ালৰ লোকক কোৱাৰাণ্টাইন কৰা হয়৷ পৰিয়ালৰ লোকৰ নমুনাও সংগ্ৰহ কৰা হৈছে৷ হামিদ আলীৰ পৰিবৰ্তে হানিফ আলীক ঘৰলৈ পঠিয়াই৷ আনহাতে চিকন্দৰ আলী, লোকমান হাকিম, হিমাংশু শৰ্মা আৰু দলগাঁৱৰ চহিদুল হকৰ পুনৰ নমুনা পৰীক্ষা কৰাত পজিটিভ পোৱা যায়৷
তাৰ পিছতে এইসকল লোকক ততাতৈয়াকৈ ঘৰৰ পৰা আনি চিকিৎসালয়ত ভৰ্তি কৰে৷ চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, পূৰ্বে কৰা পৰীক্ষাত নিগেটিভ আহিছিল যদিও ১০ জনত কৰা পৰীক্ষাতহে পজিটিভ পোৱা গৈছে৷ তথাপিও এইসকল লোকক ঘৰলৈ যাবলৈ দি চিকিৎসালয় কৰ্তৃপক্ষই লৰাধেমালি কৰা বুলি অভিযোগ উত্থাপন হৈছে৷