March 30, 2023, 7:35 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিটিচি নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব বিজেপি, জনালে সাংসদ দিলীপ শইকীয়াই

Reporter Name
  • Update Time : Saturday, July 11, 2020
  • 177 Time View

গুৱাহাটীঃ ‘বিটিচি নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা নহয়। বিটিচিবাসী ৰাইজৰ লগত মিত্ৰতাত আবদ্ধ হৈ দলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।’-শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এক ইংগিত প্ৰদান কৰি ছ’চিয়েল মিডিয়াযোগে এই মন্তব্য কৰিছে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াই।

ছ’চিয়েল মিডিয়াত আপলোড কৰা এটি ভিডিঅ’ত সাংসদগৰাকীয়ে কয় যে একাংশ ৰাজনৈতিক দলে বিজেপিয়ে তেওঁলোকৰ সৈতে লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমত প্ৰচাৰ চলাইছে যদিও সেয়া শুদ্ধ নহয়। পূৰ্বৰ মিত্ৰদল বিপিএফৰ লগত এইবাৰ কোনোধৰণৰ মিত্ৰতা অবিহনেই বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও স্পষ্ট কৰি দিয়ে সাংসদ শইকীয়াই।

‘বিপিএফৰ সৈতে আমাৰ এইবাৰ কোনো মিত্ৰতা নহয়। ইউপিপিএলৰ সৈতেও আমাৰ মিত্ৰতাৰ প্ৰশ্ন উঠিব নোৱাৰে। আমি অঞ্চলটোত আমাৰ যি সাংগঠনিক শক্তি আছে সেই শক্তিৰেই অৱতীৰ্ণ হ’ব। আমাৰ মূল লক্ষ্য সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসক বাস্তৱ ৰূপ দিবলৈকে আমি অঞ্চলটোত কাম কৰি যাম। ৰাইজৰ ওপৰত আমাৰ আস্থা আছে। আমাক ৰাইজে আদৰি ল’ব।’-সাংসদগৰাকীয়ে কয়।

উল্লেখ্য যে বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ পিছতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে মুকলিকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিধানসভা নিৰ্বাচনৰ মিত্ৰদল বিজেপিক। এই লৈ বিজেপিৰ তৰফৰ পৰা কোনো স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাছিল যদিও সাংসদ শইকীয়াই কৰা এই মন্তব্যৰ পিছতে বিষয়টো স্পষ্ট হৈ পৰিছে যে বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰৰ বিটিচি নিৰ্বাচনৰ সমীকৰণ সম্পূৰ্ণ সুকীয়া আৰু আকৰ্ষণীয় হৈ পৰিব।

ইফালে, ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে বিটিএডি নিৰ্বাচনৰ বাবে ইতিমধ্যে সুদীৰ্ঘ কাল ধৰি শাসন চলাই অহা হাগ্ৰামাৰ বিপিএফক পৰাভূত কৰিবলৈ এইবাৰ ককালত টঙালি বান্ধিছে ইউপিপিএলে। একেদৰে কংগ্ৰেছ আৰু এআইইউডিএফ দলেও সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে বিগত প্ৰায় ৪ বছৰৰ মিত্ৰদল বিপিএফ আৰু বিজেপিয়েও যদিহে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে অঞ্চলটোৰ ৰাজনীতি অনাগত দিনত কোন দিশে গতি কৰে সেয়া সময়েহে ক’ব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে