স্কাই নিউজ ডেস্কঃ বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷
স্কাই নিউজ অসমৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গগৈয়ে আজি কয় যে বাৰিষাৰ পূৰ্বে বিটিচিৰ ভোটগ্ৰহণ সম্পূৰ্ণ কৰিব লাগে বুলি আমি বাৰে বাৰে কৈ আহিছিলো যদিও বিষয়টোক লৈ চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে৷ বৰ্তমান সময়ত চাৰিওফালে পানী বাঢ়িছে৷ বৰষুণৰ ফলত হোৱা বাঢ়নী পানীয়ে উজনি-নামনি সকলোতে বানৰ আশংকা দেখা দিছে৷
এনে পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰাতো জটিল আৰু সময়ত নিৰ্বাচন অনুষ্ঠিত নকৰা বাবে ৰাজ্য চৰকাৰেই জগৰীয়া৷ গগৈয়ে লগতে কয়, ‘আমি জুন মাহৰ ভিতৰতে নীতি-নিয়মৰ মাজেদি ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাতো বিচাৰিছিলো৷’
উল্লেখ্য যে কংগ্ৰেছৰ এনে দাবীৰ বিপৰীতে বিটিচিৰ শাসকীয় দল বিপিএফে বৰ্তমান সময়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাতো বিচৰা নাই৷ কিছুদিন পূৰ্বে বিটিচিৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই স্কাই নিউজ অসমক দিয়া এক সাক্ষাৎকাৰত এতিয়া ভোটগ্ৰহণৰ সময় পাৰ হৈ যোৱা বুলি উল্লেখ কৰিছিল৷
ৰাজ্যপালৰ শাসন অব্যাহত থকা বিটিচি এলেকাত কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰা বাবে পুনৰ তৎপৰ হৈছিল যদিও চৰকাৰে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ আশংকাহে ঘনীভূত হৈছে৷