কাইলৈ অসমত এটা পৰিষদীয় সমষ্টিত উপ-নিৰ্বাচনৰ ভোট আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট অনুষ্ঠিত হ’ব৷ দীৰ্ঘদিনীয়া প্ৰচাৰ অভিযানৰ সোমবাৰে সামৰণি পৰাৰ পিছতে কাইলৈ ভোট অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থীসকলৰ হকে ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে বিৰোধী কংগ্ৰেছকে ধৰি আন আন দলসমূহেও ব্যাপক প্ৰচাৰ চলায়৷
মুঠ ২৬টা পৰিষদীয় সমষ্টিত কাইলৈ কাৰ্বি আংলং স্বায়ত্ব পৰিষদত ভোট অনুষ্ঠিত হ’ব৷ সোমবাৰে প্ৰচাৰ অভিযানৰ সামৰণি পৰে। মঙলবাৰে আবেলি পুলিং, প্ৰিজাইডিং বিষয়াসকলে বেলট পেপাৰসহ অন্যান্য সামগ্ৰী হাতত লৈ ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোট কেন্দ্ৰ সমূহলৈ গমন কৰা দেখা যায়৷ প্ৰতিটো কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ভোট গ্ৰহণ মুঠ ২৬ টা সমষ্টিত অনুষ্ঠিত হ’ব৷ পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা আবেলি ৪ বাজি ৩০ মিনিটলৈ ভোটদান অনুষ্ঠিত হ’ব। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুঠ ভোটাৰ ৭ লাখ ৩ হাজাৰ ৯৮জন। মুঠ ৯০৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১২ জুনত ভোটগণনা।
৯০৬টা কেন্দ্ৰত ভোট অনুষ্ঠিত হ’ব। পৰিষদৰ লুম্বাজং সমষ্টিত সৰ্বাধিক ৬৯ হাজাৰ ৭১৫টা ভোট আছে। সৰুপথাৰ সমষ্টিত সৰ্বনিম্ন ১০,১২৮টা ভোট আছে। পশ্চিম কাৰ্বি আংলঙৰ ৫৮টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাত। কিন্তু সাজু প্ৰশাসনৰ লোক।
বিটিচিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ২২নং ককলাবাৰী সমষ্টিত আজি শাসকীয় দল ইউপিপিএল, প্ৰধান বিৰোধী দল বিপিএফ আৰু এগৰাকী নিৰ্দলীয়া প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়ো, নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়া, বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী শংকৰ বসুমতাৰীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে৷ কাইলৈ ভোটগ্ৰহণ আৰু ১২ জুনত ভোট গণনা কৰা হ’ব। সমষ্টিটোৰ মুঠ ভোটাৰ ৭২,৪১৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৭৫৬ জন। মহিলা ভোটাৰৰ সংখ্যা ৩৬,৬৬০ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ সৰ্বাধিক ৭ লাখ টকা ধাৰ্য।