March 25, 2023, 6:54 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিটিচিৰ অস্থিৰ পৰিৱেশৰ আঁৰত চৰকাৰৰ হাতঃ প্ৰবীণ বড়ো

Reporter Name
  • Update Time : Friday, July 3, 2020
  • 122 Time View

আন্তৰিকতাবিহীন সম্পৰ্কৰে মিত্ৰতা অব্যাহত

কোকৰাঝাৰঃ বাক্সা জিলাৰ শালবাৰীৰ সৰুগাতিৰ বিপিএফৰ কৰ্মী প্ৰাণজিৎ দাসক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গুলীওৱা ঘটনাৰ আঁৰত চৰকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিপিএফ দলে। আজি হোটেল গৌৰাঙত আয়োজিত এক সংবাদমেলত বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই বিপিএফৰ কৰ্মীক গুলীওৱাৰ ঘটনাটো সম্পূৰ্ণৰূপে ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ইয়াত চৰকাৰ জড়িত থকাৰ লগতে লোকসভাৰ সাংসদ নব কুমাৰ শৰণীয়াৰ ভূমিকাও সন্দেহজনক বুলি মন্তব্য কৰে। বিপিএফৰ কাৰ্যকৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে বিপিএফক উৎখাত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু গোসাঁইগাঁৱৰ বিপিএফ কৰ্মী আজিজুৰ ৰহমানক অপহৰণ আৰু হত্যা, শালবাৰীৰ প্ৰাণজিৎ দাসক হত্যাৰ প্ৰচেষ্ঠা আদি ঘটনাবোৰ তাৰেই আগজাননি বুলি মন্তব্য কৰে। ইউপিপিএল, সাংসদ, চৰকাৰ সকলোৱেই সমিলমিলেৰে কাম কৰি আছে আৰু অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি বিপিএফত ভাঙোন আৰু ষড়যন্ত্ৰ ৰচিছে যদিও বিপিএফ দল যিকোনো শক্তিধৰৰ স’তে ফেৰ মাৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছে প্ৰবীণ বড়োই। ৰাজ্যপাল শাসনৰ আলম লৈ তেওঁলোকে এইবিলাক কৰিছে বুলি বিস্ফোৰক অভিযোগেৰে চৰকাৰেই য’ত ষড়যন্ত্ৰ ৰচনা কৰে তেতিয়া যিকোনো পৰিৱেশত যিকোনো ঘটনা ঘটিব পাৰে বুলিও মন্তব্য কৰে প্ৰবীণ বড়োই।
আনহাতে বিপিএফ-বিজেপিৰ মিত্ৰতা এতিয়া এক আন্তৰিকতাহীন সম্পৰ্ক বুলি মন্তব্য কৰি বিজেপিক মিছলীয়া বুলি আখ্যা দিয়ে । বিটিচিত ৰাজ্যপাল শাসন প্ৰবৰ্তন কৰাৰ ক্ষেত্ৰতো চৰকাৰে সেউজ সংকেত দিছিল যদিও বিজেপি দলে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাটো বিচাৰিছিল বুলি উল্লেখ কৰি বিজেপিয়ে মিত্ৰতাৰ বুজাবুজিৰ ধৰ্ম পালন কৰা নাই যদিও বিপিএফ দল তেওঁলোকৰ দৰে প্ৰতাৰক নহয় বুলি মন্তব্য কৰিছে প্ৰবীণ বড়োই। বিজেপিয়ে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ স’তে সম্পৰ্ক ৰক্ষা কৰাৰ পাছতো বিপিএফে ৰাজনৈতিক সততা বৰ্তাই ৰাখিছে বুলি মন্তব্য কৰি বিটিচি নিৰ্বাচনৰ পাছতে বিপিএফে মিত্ৰতা সন্দৰ্ভত চিন্তা চৰ্চা কৰিব বুলিও সংবাদমেলত সদৰী কৰে প্ৰবীণ বড়োই। বিটিচিত পুনৰাই বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে প্ৰবীণ বড়োই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে