কোকৰাঝাৰঃ বিটিচিৰ শাসনৰ বাঘজৰী নিজৰ হাতত লোৱাৰ পিছৰে পৰা বিগত দুই বছৰত পাঁচ কিলোমিটাৰ ব্লেক টেপিং ৰাস্তা নিৰ্মাণ কৰিছে বিটিচিৰ প্ৰমোদ বড়োৰ চৰকাৰে৷ আজি এই তথ্য দাখিল কৰিছে পৰিষদৰ অধিবেশন কালত৷ শান্তি সম্প্ৰতি আৰু উন্নয়নৰ শ্ল’গান দিয়া প্ৰমোদ বড়ো চৰকাৰে যোৱা দুই বছৰত ৫ কিলোমিটাৰহে ব্লেক টেপিং ৰাস্তা নিৰ্মান কৰিছে বিটিচি চৰকাৰে। এই তথ্য সদৰি কৰিছে বিটিচিৰ সদনত বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে৷ আজি বিটিচিৰ সদনত বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে সদৰি কৰা মতে তেওঁৰ এটা অতিৰিক্ত প্ৰশ্নোত্তৰত বিটিচিৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উল্লেখ কৰে যে, ২০২১- ২০২২ বিত্তীয় বৰ্ষত ৭৫ কোটি ৮০ লাখ টকা ধন লোকনিৰ্মাণ বিভাগত ধাৰ্য কৰা হৈছিল। উক্ত ধনৰাশিৰে ১২১টা বিভিন্ন স্কীম ৰূপায়ন কৰা হয়৷ তাৰ ভিতৰত ৫ কিলোমিটাৰ ৰাস্তা নতুনকৈ ব্লেক টেপিং কৰা হয়।