October 3, 2022, 4:43 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Reporter Name
  • Update Time : Thursday, December 10, 2020
  • 651 Time View

কোকৰাঝাৰঃ আজি বিটিচিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ কোকৰাঝাৰ আৰু চিৰাঙ জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত কৰাৰ বাবে দুয়োখন জিলাতে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১০,২৩,৪০৪ জন ভোটাৰে ১১১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ ১,৪০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭.৩০ৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব আবেলি ৪.৩০বজালৈ হ’ব৷
কভিড–১৯ৰ সংক্ৰমণৰ মাজতে নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ বাবে ছেনিটাইজাৰ,মাক্স আদিও প্ৰিজাইডিং বিষয়াসকলক প্ৰদান কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে৷ লগতে ভোটাৰসকলৰ বাবেও ছেনিটাইজাৰ,মাক্স ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে৷ উল্লেখযোগ্য যে কোকৰাঝাৰৰ তিনিটা মহকুমাত ১২ টা পৰিষদীয় সমষ্টি আৰু চিৰাঙৰ দুটা মহকুমাৰ ৭টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে৷
প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাৰ ২১টা পৰিষদীয় সমষ্টিত ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ৷ সেই ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৭৭% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে