February 1, 2023, 7:34 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

বিটিএডিৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ বাকৰিত অনুষ্ঠিত কোকৰাঝাৰ সাহিত্য উৎসৱৰ সামৰণি

Reporter Name
  • Update Time : Tuesday, January 10, 2023
  • 14 Time View

নিউজ ডেস্কঃ কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ বাকৰিত যোৱা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ দেওবাৰে সামৰণি পৰে ৷ দেশ-বিদেশৰ পৰা অহা তিনি শতাধিক কবি – সাহিত্যিকৰ অংশগ্ৰহণেৰে উখল মাখল হৈ পৰা বডোফা সাংস্কৃতিক ক্ষেত্ৰ দেওবাৰে নিজম হৈ পৰে ৷ সাহিত্য উৎসৱৰ
তৃতীয় তথা অন্তিমদিনা কেৱিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অধ্যক্ষতাত সংকটৰ সন্মুখীন হোৱা ভাষাৰ কাহিনী কোৱা পৰ্বৰে আৰম্ভ হয় কাৰ্যসূচী । হাৰিয়ানাৰ মহৰ্ষি বাল্মিকী সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজে বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, ড° যমুনা বিনি, প্ৰশান্ত বড়ো আদিকে ধৰি কেবাগৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰে । উক্ত আলোচনা চক্ৰত সংকটত পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কেনেদৰে বিলুপ্তিৰ পৰা বচাব পাৰি সেই সন্দৰ্ভত বিশেষভাৱে আলোচনা হয় ।

অনুষ্ঠানৰ অন্তত অনুৰাধা শৰ্মা পূজাৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমুহ ক্ৰমান্বয়ে নাইকীয়া হ’ব ধৰিছে । হিন্দী-ইংৰাজীৰ আগ্ৰাসনত পৰি অসমীয়া ভাষাও বৰ্তমান সংকটত পৰা বুলি মন্তব্য কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে চৰকাৰৰ সদিচ্ছা অবিহনে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমুহ জীয়াই নাথাকে। প্ৰতি দুইসপ্তাহত পৃথিৱীৰ পৰা এটাকৈ ভাষা বিলুপ্তি হয় আৰু ১৯৬২ চনৰ পৰা ২০১১ চনলৈ ২১১ টা ভাষা অসমৰ পৰা নোহোৱা হ’ল বুলি উল্লেখ কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষাসমুহ প্ৰযুক্তিত সংৰক্ষণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় । কৰ্মক্ষেত্ৰত, চৰকাৰী নথি-পত্ৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য কৰি এনে কাৰ্যই অন্য ভাষাৰ লোককো অসমীয়া শিকাত আগ্ৰহী কৰি তুলিব বুলি মন্তব্য কৰে। নিজৰ ভাষা নিজেই জীয়াই ৰাখিব লাগিব বুলি মন্তব্যৰে ভাষা সংকটমুক্ত কৰাৰ বাবে চৰকাৰৰ গধুৰ দায়িত্ব আছে বুলি মন্তব্য কৰে ।
ইপিনে সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য – সাহিত্য হ’ল জাতি -ধৰ্ম -ৰাজনীতিৰ উৰ্ধত । কোকৰাঝাৰৰ সাহিত্য উৎসৱ হোৱাটো অতি আনন্দৰ বতৰা আৰু সাহিত্যিকৰ মিলনে সাহিত্যৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছে । সামৰণি অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োও উপস্থিত থাকি সাহিত্য উৎসৱৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰে । সাহিত্য উৎসৱে বিশ্বজনীন বাৰ্তা এটা বিয়পাব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।
উল্লেখ্য যে, কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱত বহিঃৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰ, শ্ৰীলংকা, নেপাল আৰু ভূটানৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক সাহিত্যিক-কবিয়ে অংশগ্ৰহণ কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে