কোকৰাঝাৰঃ বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আজি মমবাতি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ন কৰে । বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ কেইবামাহ উকলি যোৱাৰ পিছতো চুক্তিৰ দফাসমুহ ৰূপায়ন নোহোৱাত চুক্তিসাক্ষৰকাৰীসকলৰ মাজত অসন্তুষ্টি দেখা যায়।
তেনে সময়তে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বি টি আৰ চুক্তি ৰূপায়ণ কৰাৰ বাবে আলোচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰা পিছতে এবছুয়ে আজি সন্ধিয়া ৬ বজাত উক্ত কাৰ্যসূচী ৰূপায়ন কৰে । কোকৰাঝাৰ চহৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত মমবাতি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীকে ধৰি আন কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰি মমবাতি প্ৰজ্বলন কৰি বিটিআৰ চুক্তিৰ প্ৰতিটো দফা সোনকালে ৰূপায়নৰ দাবী উত্থাপন কৰিছে ।