March 15, 2023, 3:37 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিটিআৰত দৰমহাৰ পৰা বঞ্চিত শিক্ষক, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ক্ষোভ

Reporter Name
  • Update Time : Wednesday, March 23, 2022
  • 108 Time View

কোকৰাঝাৰঃ বিটিআৰৰ প্ৰায় দুশখন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে যোৱা ফেব্ৰুৱাৰীৰ পৰাই দৰমহা নোপোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই মাহিলী দৰমহাৰ পৰা বঞ্চিত হোৱাত আজি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাই৷ আজি কোকৰাঝাৰত আয়োজিত এক সংবাদমেলত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদক ৰাজ কুমাৰ চুবেদী আৰু ফৈলাও ব্ৰহ্মই কয় যে ফেব্ৰুৱাৰী মাহৰ পৰাই শিক্ষকসকলে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে। এইক্ষেত্ৰত বিটিচি চৰকাৰৰ শিক্ষা বিভাগৰ খামখেয়ালীক সমালোচনা কৰি সন্থাই অনাদায় দৰমহা পৰৱৰ্তী সময়ত শিক্ষক সকলে পাবনে নাই সেয়াও বৰ্তমান সন্দেহৰ আৱৰ্তত আছে। চলিত বৰ্ষৰ মাৰ্চ মাহ ‘ইয়াৰ ইণ্ডিং’ হোৱা হেতুকে আৰু বিলৰ বাবে ১৮ মাৰ্চ অন্তিম সময়সীমা চৰকাৰে বান্ধি দিয়াৰ পিছত বিটিচি শিক্ষা সঞ্চালকয়ৰ কাৰ্যালয়ে বিটিআৰৰ সহস্ৰাধিক মাধ্যমিক শিক্ষক কৰ্মচাৰী সকলৰ দৰমহা আদায়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিণতিতে শিক্ষক- কৰ্মচাৰীসকল দৰমহাৰ পৰা বঞ্চিত হবলগা হ’ল বুলি আক্ষেপ প্ৰকাশ কৰে। যিকোনো উপায়েৰে শিক্ষকসকলৰ প্ৰাপ্য দৰমহা মোকোলাই দিবলৈ আহ্বান জনাই ইয়াৰ অন্যথা শিক্ষক-কৰ্মচাৰীসকলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজ কুমাৰ চুবেদী আৰু ফৈলাও ব্ৰহ্মই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে