লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত তেজপুৰত কামাখ্যা যোগীঘোপা ৰে’লপথত শুকুৰবাৰে বিয়লি ৰেলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হয়৷ লোকজনক ৰামপুৰৰ বাসিন্দা গিৰিকান্ত বৰা (৬৫) বুলি চিনাক্ত কৰা হৈছে। মালবাহী ৰে’লৰ চেপাত মৃত্যু হোৱা লোকজনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বিজয়নগৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া জানিব পৰা হোৱা নাই।