পঙ্কজ নাথ, চাংসাৰিঃ কামৰূপ জিলাৰ বিজয়নগৰত খাদ্য সুৰক্ষা মানকৰ অধীনৰ কামৰূপ খাদ্য সুৰক্ষা মানকৰৰ উদ্যোগত আজি খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা অনুষ্ঠিত হয়। গ্ৰাহকৰ সুৰক্ষা আৰু ব্যৱসায়ীকসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে এনেধৰণৰ মেলা ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱাৰ দৰেই কামৰূপ জিলাৰো বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে। আজি বিজয় নগৰত অনুষ্ঠিত মেলাত কামৰূপ জিলা খাদ্য সুৰক্ষা বিভাগৰ পৰা চম্পক কুমাৰ পাঠক, সিদ্ধাৰ্থ মজুমদাৰ সমিৰণ বৰ্মন, অনিল শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠান মুঠ ৩০টা প্ৰতিষ্ঠানক মানপত্ৰ বিতৰণ কৰা হয়। পঞ্জীয়ন ভাৰতীয় খাদ্য সুৰক্ষা আইনৰ ২০০৬ৰ অধীনত লোৱাটো বাধ্যতামূলক।