March 23, 2023, 2:12 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিজেপিৰ যুৱ নেতা অশ্বিনী কুমাৰ চেতিয়াৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ

Reporter Name
  • Update Time : Friday, July 10, 2020
  • 153 Time View

গুৱাহাটীঃ দীৰ্ঘদিনে অসুস্থ হৈ থকা বিজেপিৰ যুৱ নেতা অশ্বিনী কুমাৰ চেতিয়াৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লোৱা অশ্বিনী কুমাৰ চেতিয়াৰ মৃতদেহ নিশাই গুৱাহাটীৰ পৰা শিৱসাগৰৰ ঘৰলৈ নি শুকুৰবাৰে দিনৰ ভাগত শেষকৃত্য সম্পাদন কৰা হয়৷ নেতাগৰাকীৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰিছে৷

১৯৭০ চনত ঐতিহ্যমণ্ডিত শিৱসাগৰৰ হাঁহচৰাৰ নপাম চেতিয়া গাঁৱত জন্মগ্ৰহণ কৰা অশ্বিনী কুমাৰ চেতিয়াই টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ সৈতে ছাত্ৰ অৱস্থাৰ পৰাই জড়িত হৈ আছিল। পিছলৈ তেওঁ সংগঠনটোৰ সভাপতি আৰু মুখ্য উপদেষ্টা পদত বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। সংগঠনটোৰ মুখ্য উপদেষ্টা পদত থাকি ৰাজ্যৰ জটিল সমস্যা তথা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথৰ আন্দোলনৰ দায়িত্ব লৈছিল৷ ইয়াৰ মাজতে তেওঁ বিজেপি দলত যোগদান কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল৷

প্ৰাক্তন জাতীয়তাবাদী তথা বিজেপিৰ যুৱ নেতাগৰাকীৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন দল-সংগঠনে নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যৰ সকলো জাতীয় দল-সংগঠনে অশ্বিনী চেতিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালক সবেদনা জ্ঞাপন কৰিছে৷

ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিদেপিৰ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰি কয় ‘‘আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা তথা সভাপতি, ছাত্ৰনেতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা অশ্বিনী কুমাৰ চেতিয়াৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো।’’

আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই টুইচ কৰি গভীৰ শোক প্ৰকাশ কৰে৷ মন্ত্ৰী হিমন্তই টুইট কৰি কয় ‘‘সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা, যুৱ নেতা অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়াৰ অকাল বিয়োগত মৰ্মাহত হৈছো। তেখেতৰ বিয়োগ ৰাজ্যখনৰ বাবে অপূৰণীয় ক্ষতি। প্ৰয়াত চেতিয়া দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।’’

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে