বঙাইগাঁওঃ শনিবাৰে চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁও জিলা ভ্ৰমণ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ বঙাইগাঁও জিলাৰ চিটকাগাঁৱত আই ভেলি ডিভিজনৰ উদ্যোগত নিৰ্মাণ হবলগীয়া জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰে বন মন্ত্ৰীগৰাকীয়ে৷ দক্ষিণ অভয়াপুৰী সমষ্টিৰ এআইইউডিএফৰ বিধায়ক অনন্ত মালো আৰু যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ উপস্থিতিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰে৷
মন্ত্ৰী পৰিমল শুক্লবৈদ্য জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰে মুখামুখী হৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপি দলক সহায়হে কৰিব বুলি দাবী কৰে। বিজেপিৰ কাম-কাজত এআইইউডিএফ সন্তুষ্ট বুলি আট্টাহাস্য কৰি বন মন্ত্ৰীয়ে কয় যে বিগত চাৰি বছৰত কোনো স্থিতি লব পৰা নাই বিৰোধীয়ে। কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা পূৰ্বে পৰ্দাৰ ভিতৰত আছিল৷ এতিয়া পৰ্দাৰ বাহিৰত হৈছে। জৈৱ বৈচিত্ৰ উদ্যানত ১০০০প্ৰজাতিৰ ফল-মূল আৰু ঔষধি গছ থাকিব বুলি কৈ শীঘ্ৰে সোণালী বান্দৰৰ বিচৰণ ভুমি বঙাইগাঁৱৰ কাকৈজানাক অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।