গুৱাহাটীঃ বিগত ২৪ ঘণ্টাত অসমত ৩৫৫৫গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে ৪৭হাজাৰ ৭৪৪টা পৰীক্ষা সম্পাদন কৰাত ৰাজ্যত নতুনকৈ ৩৫৫৫গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে বুলি বুধবাৰে নিশা এটা টুইট কৰি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
৩৫৫৫গৰাকী আক্ৰান্তৰ ভিতৰত ৯২৪গৰাকী ৰোগী কামৰূপ মহানগৰৰ, ২১৩গৰাকী ডিব্ৰুগড়ৰ, ২৩৬গৰাকী নগাঁৱৰ, ২০০ গৰাকী বাক্সা জিলাৰ বুলি জানিব পৰা গৈছে৷ অসমত কোভিড ৰোগীৰ সংখ্যা ১ লাখ ১৫ হাজাৰলৈ বৃদ্ধি পাইছে৷ সম্প্ৰতি ২৮০৬১গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৮৬৮৯২গৰাকী ৰোগী সুস্থ হৈ চিকিৎসালয় এৰিছে আৰু ৩২৩গৰাকী ৰোগীৰ এই পৰ্যন্ত মৃত্যু হৈছে৷