March 28, 2023, 6:13 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিগত ২৪ ঘণ্টাত ৰাজ্যত সুস্থ হৈছে ১৭২৪গৰাকী, আক্ৰান্ত হৈছে ১৯৭৩গৰাকী

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 86 Time View

গুৱাহাটীঃ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৭২৪গৰাকী ক’ৰোনা ৰোগী সুস্থ হৈ ঘৰলৈ গৈছে৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয় তথা কোভিড হস্পিতালত ভৰ্তি হৈ চিকিৎসা কৰি থকা ১৭২৪গৰাকী ক’ৰোনা ৰোগী সম্পূৰ্ণ আৰোগ্য হৈ স্বাভাৱিক জীৱন লাভ কৰিছে৷ আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৯৭৩গৰাকী ক’ৰোনা ৰোগী ধৰা পৰিছে৷ ইয়াৰে কামৰূপ মহানগৰৰ ৫১০গৰাকী, কাছাৰৰ ১৪৯গৰাকী, যোৰহাটৰ ১৩২গৰাকী, কামৰূপৰ ১২১গৰাকী আৰু ডিব্ৰুগড়ৰ ১১৬গৰাকী লোক ধৰা পৰিছে৷

ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৪,৩০৭টা পৰীক্ষণ কৰাত ইয়াৰে ১৯৭৩গৰাকী ক’ৰোনা ৰোগী ধৰা পেলাইছে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জাৰি কৰা তথ্য মতে, মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনা ৰোগী ধৰা পৰাৰ শতাংশ আছিল ৫.৭৫ শতাংশ৷ ৰাজ্যত বৰ্তমান ৯৪ হাজাৰ ৫০০জনলৈ বৃদ্ধি পাইছে মুঠ ৰোগীৰ সংখ্যা৷ ৭৩ হাজাৰ লোক বৰ্তমানলৈ সুস্থ হৈছে৷ ২১ হাজাৰ ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ লগতে ২৬০গৰাকী লোকৰ এই পৰ্যন্ত মৃত্যু হয়৷

মঙলবাৰে নিশা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জাৰি কৰা তথ্য মতে, ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ ৮গৰাকী লোকৰ মৃত্যু হৈছে৷ এই ৮গৰাকী লোকৰ মৃত্যু বিগত ২৪ ঘণ্টাত হৈছে আৰু চিকিৎসাধীন অৱস্থাত হৈছে৷

কামৰূপ মহানগৰ জিলাৰ উশা দাস (৭০), অৰ্পনা ৰয় (৪৮), নয়না দাস (২১), নলবাৰী জিলাৰ লাৱন্য ভূঞা (৬৫), বাক্সা জিলাৰ মচফিল হুছেইন (৫৫), পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ অজয় কুমাৰ গুপ্তা (৪০), গোলাঘাট জিলাৰ জাণ্টু দেৱ (৪৬) আৰু মাজুলীৰ বিষ্ণু বিশ্বাসৰ (৫৫) বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে