ডিজিটেল ডেস্কঃ পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰততো ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি হৈছে৷ বিশেষকৈ ভাৰতত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা৷ এক খবৰ অনুসৰি ১৮০ খন দেশৰ ভিতৰত সংক্ৰমিত এই ভাইৰাছে ৪ লাখতকৈ বেছি লোকৰ জীৱন কাঢ়ি নিছে৷ সমগ্ৰ বিশ্বৰ ৭২ লাখ লোক এই ভাইৰাছত সংক্ৰমিত হৈছে৷ সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত সংক্ৰমিত লোকৰ সংখ্যা ২ লাখ ৮৬ হাজাৰ ৫৭৯গৰাকী হৈ পৰিছে৷ বিগত ২৪ ঘণ্টাত ভাৰতত ৯,৯৯৬গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে আৰু ৩৫৭গৰাকী লোকৰ মৃত্যু হৈছে৷
দেশত ২৪ ঘণ্টাত ইয়াৰ পূৰ্বে ইমান সংখ্যাকলোক একেলগে ধৰা পৰা নাছিল৷ ইমান সংখ্যাক লোকৰ ২৪ ঘণ্টাত প্ৰাণ হেৰুওৱা নাছিল৷ ভাৰতত এই পৰ্যন্ত মুঠ ৮,১০২গৰাকী লোকৰ মৃত্যু হৈছে৷ তথাপিও ভাৰতত ১ লাখ ৪১ হাজাৰ লোক ইতিমধ্যে সুস্থ হৈ চিকিৎসালয় এৰিছে৷ সুস্থ হোৱা লোকৰ সংখ্যা কিছু বৃদ্ধি হৈ ৪৯.২১ হৈছে৷ কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত ৫২ লাখ লোকৰ নমুনা পৰীক্ষা কৰিছে৷ বিগত ২৪ ঘণ্টাত ১ লাখ ৫১ হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰিছে চৰকাৰে৷ এতিয়ালৈকে কৰা পৰীক্ষাৰ ভিতৰত এই সংখ্যা অধিক৷ ইফালে দেশত প্ৰতিখন ৰাজ্যত নতুন ৰোগী ধৰা পৰিব ধৰিছে৷ কিছুদিন পূৰ্বে ক’ৰোনা ৰোগীৰ সংখ্যা কমিছিল যদিও লক-ডাউন শিথিল কৰাৰ পিছৰে পৰা ৰোগীৰ সংখ্যা বৃদ্ধি হ’ব ধৰিছে৷