ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা। সমগ্ৰ দেশত আনলক প্ৰক্ৰিয়া আৰম্ভ হ’লেও হ্ৰাস পোৱা নাই সংক্ৰমণৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ৬০,৯৭৫ টা কোভিড সংক্ৰমণ পোহৰলৈ আহিছে। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৮৪৮ জন লোকৰ কোভিড-১৯ সংক্ৰমণ হৈ মৃত্যু ঘটিছে।
তথ্য অনুসৰি বৰ্তমানলৈকে ভাৰতত ৩১,৬৭,৩২৪ জন লোক কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪,০৪,৫৮৫ জন এই ৰোগৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। দেশত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৭,০৪,৩৪৮ জন। সমগ্ৰ দেশত কোভিড আক্ৰান্ত হৈ বৰ্তমানলৈকে ৫৮,৩৯০ জন লোকৰ মৃত্যু ঘটা বুলি সোমবাৰে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।