ডিজিটেল ডেস্কঃ দেশত লক-ডাউন শিথিল হোৱাৰ পিছৰে পৰা দ্ৰুত গতিত বাঢ়িছে ক’ৰোনা সংক্ৰমণ৷ শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত ১১,৪৫৮গৰাকী লোক দেশত নতুনকৈ ধৰা পৰিছে৷ সমানে ২৪ ঘণ্টাত ৩৮৬গৰাকী লোকৰ মৃত্যু হৈছে৷ ইয়াৰ লগে লগে ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে৷ কিন্তু সুখৰ কথা এই যে এই পৰ্যন্ত ১ লাখ ৫৪ হাজাৰ লোক সুস্থ হৈ উঠিছে৷ সুস্থ হৈ উঠা লোকৰসকল সম্পূৰ্ণ সুৰক্ষিত৷
এই ভাইৰাছে এতিয়ালৈ ভাৰতত ৮,৮৮৪গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিছে৷ ক’ৰোনা প্ৰভাবিত দেশৰ তালিকাত ভাৰতে চতুৰ্থস্থানলৈ আহিছে৷ এই ভাইৰাছৰ এতিয়ালৈ কোনো টিকা ওলোৱা নাই৷