ডিজিটেল ডেস্কঃ ভাৰত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দিশেৰে ষষ্ঠস্থানত উপনীত হৈছে। ব্ৰিটেইনৰ পিছতে আছে ভাৰত। ভাৰত পঞ্চমস্থান পাবলৈ কিছু নিলগত। কিয়নো ভাৰতত যোৱা তিনিটা দিনত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্ত ৰোগী। ঘণ্টাৰ পিছে পিছে বাঢ়িছে ৰোগীৰ সংখ্যা। ক’ৰোনাত সমগ্ৰ বিশ্বৰ ভিতৰত ক্ষতিগ্ৰস্তৰ তালিকাৰ অন্যতম ইটালীক সংখ্যাৰ বলেৰে পিছ পেলাইছে ভাৰতে।
ক’ৰোনাকালত অধিক ক্ষতিগ্ৰস্ত আন এখন দেশ স্পেইনত এই পৰ্যন্ত মুঠ আক্ৰান্ত সংখ্যা হৈছে ২ লাখ ৮৮ হাজাৰ। ভাৰতত এই পৰ্যন্ত আক্ৰান্ত হৈছে ২ লাখ ৪৭ হাজাৰ লোক। ক’ৰোনা প্ৰাৰ্দুৰ্ভাৱৰ হোৱাৰ সময়তে অধিক ক্ষতিগ্ৰস্ত দেশসমূহত ক’ৰোনা ৰোগী কমকৈ পাবলৈ ধৰাৰ বিপৰীতে ভাৰতত এই সময়ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ব্যাপক হাৰত ক’ৰোনাৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ ব্যপক ব্যৱস্থা গঢ়ি তুলিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সমূহৰ সৈতে লগলাগি প্ৰকোপ ৰোধ কৰাৰ লগতে মানুহৰ জীৱন ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ আজি প্ৰকাশিত তথ্য মতে, ক’ৰোনা ৰোগীৰ মুঠ সংখ্যা হৈছে ২,৪৬,৬২৮। ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত ৬,৯২৯গৰাকী লোকৰ মৃত্যু হৈছে।
বিগত ২৪ ঘণ্টাত নতুনকৈ ৯,৯৭১গৰাকী লোক ধৰা পৰিছে। বিগত ২৪ ঘণ্টাত ২৮৭গৰাকী লোকৰ মৃত্যু হৈছে। কিন্তু ভাল খবৰ এই যে দেওবাৰ তথা আজিলৈ ১,১৯,২৯৩গৰাকী লোক সুস্থ হৈ হস্পিতাল এৰিছে।