গুৱাহাটীঃ মঙলবাৰে নিশা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জাৰি কৰা তথ্য মতে, ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ ৮গৰাকী লোকৰ মৃত্যু হৈছে৷ এই ৮গৰাকী লোকৰ মৃত্যু বিগত ২৪ ঘণ্টাত হৈছে আৰু চিকিৎসাধীন অৱস্থাত হৈছে৷
কামৰূপ মহানগৰ জিলাৰ উশা দাস (৭০), অৰ্পনা ৰয় (৪৮), নয়না দাস (২১), নলবাৰী জিলাৰ লাৱন্য ভূঞা (৬৫), বাক্সা জিলাৰ মচফিল হুছেইন (৫৫), পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ অজয় কুমাৰ গুপ্তা (৪০), গোলাঘাট জিলাৰ জাণ্টু দেৱ (৪৬) আৰু মাজুলীৰ বিষ্ণু বিশ্বাসৰ (৫৫) বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে৷
ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬০গৰাকীলৈ বৃদ্ধি হৈছে। মন্ত্ৰী শৰ্মাই টুইট যোগে আটাইকেইগৰাকী লোকৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।