দেশত কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হেলেও অসমত এতিয়ালৈ ধৰা পৰা নাই অমিক্ৰণৰ ৰোগী৷ তাৰ মাজতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোভিডত দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ১২০ গৰাকী লোক। ৩১ হাজাৰ নমুনা সংগ্ৰহ কৰি কোভিড পৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে। কামৰূপ মহানগৰ জিলাত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫৫ গৰাকী লোক। কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৩৮ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬৬ শতাংশ।