ডিজিটেল ডেস্কঃ চুবুৰীয়া শত্ৰু দেশ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ খবৰ প্ৰতিদিনে পোহৰলৈ আহি আছে৷ এইবাৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সুৰংগেৰে ভাৰতীয় সীমাত প্ৰৱেশৰ প্ৰচেষ্টাক বিফল কৰিছে বিএছএফে৷
বিএছএফে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে কৰা সুৰংগ চিনাক্ত কৰিছে৷ বৰ্ডাৰ চিকিউৰিটি ফৰ্চে জম্মু-কাশ্মীৰৰ চাম্বাত এটা সুৰংগ চিনাক্ত কৰিছে৷ জম্মু-কাশ্মীৰৰ বিএছএফৰ মহাপৰিদৰ্শক এন এছ জামুৱালে সুৰংগটোৰ পাকিস্তান সীমান্তৰে সংযোগ থকা বুলি দাবী কৰিছে৷ সন্ত্ৰাসবাদীয়ে তলেৰে অহা-যোৱা কৰিবলৈ সজা বাট বুলি অনুমান কৰিছে৷