বেবেজীয়াঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বাৰপূজীয়াত শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক মুক্তিৰ বাৰপূজীয়া আঞ্চলিক সমিতিৰ সদস্যসকলে ৰূপায়ণ কৰা এই মানৱ শৃংখল কাৰ্যসূচীৰ দ্বাৰা কৃষক নেতা অখিল গগৈকে ধৰি সংগঠনটোৰ সকলো কাৰাবন্দী নেতাক শীঘ্ৰে মুক্তিৰ দাবী জনায়৷ আছু, আপকে প্ৰমুখ্য কৰি বহু কেইটা সংগঠনে সহযোগ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে কৃষক মুক্তিৰ নেতাসকলক শীঘ্ৰে মুক্তি দিয়ক, অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক, বিজেপি চৰকাৰ গ’বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।